অসম

assam

ETV Bharat / city

চাহ বাগিছাৰ ৬ লাখ লোক সমবেত হৈ 26 ছেপ্টেম্বৰত পৰিৱেশন কৰিব ৰাষ্ট্ৰীয় সংগীত - ভাৰতীয় চাহ বোৰ্ড

২৬ ছেপ্টেম্বৰত চাহ বাগিচাৰ ৬ লাখ লোকে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি উদযাপন কৰিব আজাদি কি অমৃত মহোৎসৱ ৷ এক পত্ৰৰ জৰিয়তে কলকাতাস্থ চাহ বৰ্ডৰ সম্পাদকে গুৱাহাটীৰ কাৰ্যকৰী সঞ্চালকলৈ প্ৰেৰণ কৰিছে এই বিশেষ নিৰ্দেশ ৷

6 lakhs of people of tea garden will perform national anthem together on 26th spetempber
চাহ বাগিছাৰ ৬ লাখ লোক সমবেত হৈ 26 ছেপ্টেম্বৰত পৰিৱেশন কৰিব ৰাষ্ট্ৰীয় সংগীত

By

Published : Sep 20, 2021, 9:17 PM IST

তেজপুৰ, ২০ ছেপ্টেম্বৰ : ভাৰতীয় চাহ বোৰ্ডে অহা ২৬ ছেপ্টেম্বৰত কলিকতাৰ চাহ কেন্দ্ৰৰ অন্তৰ্গত সমগ্ৰ চাহ বাগিচা সমূহত "আজাদি কি অমৃত মহোৎসৱ", কাৰ্যসূচী উদযাপন কৰিব । দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি ইতিমধ্যে সকলো ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈ থকাৰ সময়তে এই চাহ বাগিচা সমূহৰ ভিতৰত এই পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হৈছে ।

এক বিশেষ পত্ৰৰ জৰিয়তে কলকাতাস্থ চাহ বৰ্ডৰ সম্পাদকে গুৱাহাটীৰ কাৰ্যকৰী সঞ্চালকলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে যে, ২৬ ছেপ্টেম্বৰ তাৰিখে অসমৰ সকলো চাহ বাগিচাত পুৱা ১০ বজাত সমবেত হৈ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিব লাগিব ৷ নিজৰ নিজৰ চাহ বাগিচাত, লগতে উক্ত বাগিচাত সমবেত হোৱা লোকক উপহাৰ হিচাপে ৫০০ গ্ৰামৰ পৰা ২৫০ গ্ৰামৰ ভিতৰত চাহৰ পেকেট আজাদি কি অমৃত মহোৎসৱ উপলক্ষে প্ৰদান কৰা হ’ব ।

চাহ বাগিছাৰ ৬ লাখ লোক সমবেত হৈ 26 ছেপ্টেম্বৰত পৰিৱেশন কৰিব ৰাষ্ট্ৰীয় সংগীত

উক্ত অনুষ্ঠানত চাহ বাগিচাৰ তৰফৰ পৰা একোটাকৈ গছ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিবলৈকো নিৰ্দেশ জাৰি কৰিছে । মুঠ ১,৫০,০০০ হাজাৰ গছ পুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছে চাহ কেন্দ্ৰটোৰ কৰ্তৃপক্ষই লগতে ।

পত্ৰ খনত উল্লেখ থকা ধৰণে চাহ বাগিচাৰ মুঠ ৬ লাখ লোক সমবেত হ’ব এই অনুষ্ঠানত ৷ চিলিগুৰি আৰু গুৱাহাটীৰ বাবে জাননী জাৰি কৰা এই পত্ৰ খনত উল্লেখ কৰিছে যে, সকলো চাহ বাগিচাই নিজৰ নিজৰ বাগিচাৰ নাম সহ বেনাৰ প্ৰস্তুত কৰি পুৱা ১০ বজাত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিব লাগিব । অসমত মুঠ ৮০০ খন চাহ বাগিচা আছে আৰু তাৰ ভিতৰত যথেষ্ট পৰিমাণে ক্ষুদ্ৰ চাহ বাগিচাও আছে । এই সকলো চাহ বাগিছাতে একে সময়তে আৰম্ভ কৰা হ’ব এই "আজাদি কি অমৃত", মহোৎসৱৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন অনুষ্ঠান ।

লগতে পঢ়ক :নিশ্চিত হ’ল সুস্মিতা দেৱৰ ৰাজ্যসভালৈ যাত্ৰা !

ABOUT THE AUTHOR

...view details