অসম

assam

ETV Bharat / city

গ্ৰাম্যাঞ্চলত কিদৰে চলিছে ক’ভিডৰ চিকিৎসা সেৱা ? - শোণিতপুৰ জিলা

শোণিতপুৰ জিলাত ক'ভিডত আক্ৰান্ত হৈ ৩৮ গৰাকী লোকৰ মৃত্যু হৈছে বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে ৷ এই জটিল পৰিস্থিতিত জিলাখনৰ মুঠ ৩২ খনকৈ প্ৰাথমিক উপ-স্বাস্থ্যকেন্দ্ৰ সাজু কৰি তুলিছে স্বাস্থ্য বিভাগে ৷

গ্ৰাম্যাঞ্চলত কি দৰে চলিছে ক’ভিডৰ চিকিৎসা সেৱা !
শোণিতপুৰত 38 গৰাকীলোক ক'ভিডত মৃত্যু

By

Published : May 18, 2021, 8:02 AM IST

Updated : May 18, 2021, 6:04 PM IST

তেজপুৰ, 18 মে': সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো ভয়াৱহ হৈ পৰিছে ক'ভিড-১৯ ৰ পৰিস্থিতি ৷ ক'ভিড ভাইৰাছত আক্ৰান্ত হৈ শোণিতপুৰত ১৭ মে'লৈকে ৩৮ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হৈছে ৷ ইয়াৰ বিপৰীতে জিলাখনত বৰ্তমানলৈকে ক'ৰণাত আক্ৰান্ত হৈছে মুঠ ১১,৬৪৮ গৰাকী লোক ৷

গ্ৰাম্যাঞ্চলত কি দৰে চলিছে ক’ভিডৰ চিকিৎসাসেৱা !

আনহাতে, ক'ভিড মহামাৰী প্ৰতিৰোধ কৰিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল ৷ এই জটিল পৰিস্থিতিত জিলাখনৰ মুঠ ৩২ খনকৈ প্ৰাথমিক উপ-স্বাস্থ্যকেন্দ্ৰ সাজু কৰি তুলিছে স্বাস্থ্য বিভাগে ৷ এই স্বাস্থ্য কেন্দ্ৰসমূহত স্বাস্থ্য বিভাগে পৰ্যাপ্ত পৰিমাণে চিকিৎসা সামগ্ৰী আৰু ঔষধ যোগান ধৰিছে বুলি চিকিৎসা বিষয়া-কৰ্মচাৰীসকলে সাংবাদিকক জানিবলৈ দিয়ে ।

কৰ'ণা পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবলৈ জিলাখনৰ কম্যুনিটি স্বাস্থ্য কেন্দ্ৰৰ সমীপত এখন ক'ভিড কেয়াৰ হাস্পতাল নিৰ্মাণ কৰি চিকিৎসা সেৱা প্ৰদান কৰা হৈছে বুলি চিকিৎসকে অৱগত কৰিছে । বিগত ৬ এপ্ৰিলৰ পৰা জিলাখনত ১,৫৬৭ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈ হোম আইচ'লেশ্যন আৰু চিকিৎসাধীন অৱস্থাত আছে ।

লগতে পঢ়ক- শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত

Last Updated : May 18, 2021, 6:04 PM IST

ABOUT THE AUTHOR

...view details