তেজপুৰ, 1 জুনঃ তেজপুৰত ১৩ জন ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকক মুকলি কৰি দিয়ে স্বাস্থ্য বিভাগে ৷ লোক কেইজন তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আইচ'লেচন হৈ আছিল ৷
তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সোমবাৰে সন্ধিয়া ১৩ জন লোকক মুকলি কৰি দিয়ে স্বাস্থ্য বিভাগে ৷ কোভিড আইচলেচনত আছিল লোক কেইজন ৷ আনহাতে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুঠ ১২৪৫০ জনৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হয় তাৰ ভিতৰত ৭৪০ জন ৰোগীৰ পৰীক্ষা চলি আছে যদিও ফলাফল আহিবলৈ বাকী আছে মুঠ ১৮৩৮ জন লোকৰ ৷ সোমবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ উপস্থিতিত এখন অনানুষ্ঠানিক সভাযোগে আৰোগ্য হোৱা লোকসকলক একোখনকৈ ফুলাম গামোচা আৰু উপহাৰৰে সম্ভাষণ জনায় ৷ চিকিৎসা মহাবিদ্যালয় খনৰ অধ্যক্ষ , অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সঞ্চালকৰ উপস্থিতিত চিকিৎসালয় খনৰ পৰা তেওঁলোকক মুকলি কৰি দিয়ে ৷