মৰিগাঁও-ডুমডুমা-শিৱসাগৰ-আজাৰা, 7 ছেপ্তেম্বৰ:শুকুৰবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত মুক্তিপালে জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা। প্ৰথমদিনাই ৰাজ্যৰ ছবিগৃহত দেখিবলৈ পোৱা গ’ল দৰ্শকৰ লানি নিছিগা সোত। মুক্তিৰ পাছতেই এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ দৰ্শকৰ ব্যাপক সহাঁৰি লাভ কৰিছে ছবিখনে ৷ শিৱসাগৰতো কাঞ্চনজংঙ্ঘা চাবলৈ ৰাইজৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে৷ চহৰখনৰ ভাস্কৰজ্যোতি ছবিগৃহত দেওবাৰলৈকে "কাঞ্চনজংঘা"ৰ সকলো দৰ্শনীৰ বুকিং ইতিমধ্যে সম্পন্ন হৈছে ৷ ছবিগৃহৰ পৰা সন্তুষ্ট মনেৰে ওলাই অহা দৰ্শকে"কাঞ্চনজংঘা"ক এখন উন্নতমানৰ বিনোদনধৰ্মী ছবি বুলি আখ্যা দিয়াৰ লগতে ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু জুবিন গাৰ্গৰ অভিনয়ক ভূয়সী প্ৰশংসা কৰে৷ ইফালে দক্ষিণ কামৰূপৰ বিজয়নগৰতো মুক্তিৰ লগে লগে ৰাইজৰ ব্যাপক সহাঁৰি লাভ কৰিছে ৷
সৰ্বত্ৰে জুবিনৰ কাঞ্চনজংঘাৰ জ্বৰ : দেওবাৰলৈ "হাউছফুল" সকলো ছবিগৃহ
বহু প্ৰতীক্ষিত জুবিনৰ কাঞ্চনজংঘা চাবলৈ হিল দল ভাঙি ওলাই আহিছে ৰাইজ ৷ মৰিগাঁৱত কাঞ্চনজঙ্ঘা ফেচবুকত লাইভ কৰি ফেন ক্লাবৰ ৰোষত পৰিল এজন যুৱক৷ ডুমডুমাৰ অৰুৰা ছবিগৃহত নলগালে কাঞ্চনজংঘা ৷ হল কতৃৰ্পক্ষক সকীয়নি ৰাইজৰ৷
মৰিগাঁৱত কাঞ্চনজংঘা উপভোগ কৰি ফেচবুকত লাইভ দি জুবিন অনুৰাগীৰ ৰোষত পৰিল তুলতুল বৰদলৈৰ নামৰ এজন যুৱক৷ মৰিগাঁৱৰ তৰুণ টকিজত প্ৰথম দৰ্শনী চলি থাকোতেই তুলতুল বৰদলৈয়ে হলৰ ভিতৰৰ পৰাই ছবিখনৰ ফেচবুক লাইভ কৰে ৷ ইয়াৰ পাছতে উত্তেজিত হৈ পৰে জুবিন অনুৰাগীসকল৷ অৱশেষত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষী উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰে৷ ইফালে তিনিচুকীয়াৰ ডুমডুমাত কাঞ্চনজংঘা চাবলৈ আহি নিৰাশ হয় বহু সংখ্যক দৰ্শক৷ বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ ছবিগৃহ অৰোৰা হলত কাঞ্চনজংঘাৰ পৰিৱৰ্তে প্ৰদৰ্শিত হৈ থাকিল হিন্দী ছবি "ছাহো"৷ ইয়াৰ পাছতেই অৰুৰা হ'লৰ অনা অসমীয়া কৰ্তৃপক্ষৰ অসমীয়া চিনেমা বিৰোধী নীতিক তীব্ৰ সকিয়নী প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে৷ অতিশীঘ্ৰে ছবিগৃহটোত কাঞ্চনজংঘাৰ দৰ্শনীৰ ব্যৱস্থা কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে সংগঠনটোৱে ৷
মুঠৰ ওপৰত মিছন ছাইনাৰ পাছত এইবাৰ কাঞ্চনজংঘাৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতলৈ পুনৰ আশাৰ বতৰা কঢ়িয়াই আনিছেহাৰ্টথ্ৰৱজুবিন গাৰ্গে৷ ছবিখনে দৰ্শকৰ পৰা ব্যাপক সহাঁৰি পোৱাত সুখী খোদ শিল্পী জুবিন গাৰ্গো৷