অসম

assam

ETV Bharat / city

শিৱসাগৰত বিশ্ব খোজকঢ়া দিৱস উদযাপন - বিশ্ব খোজকঢ়া দিৱস উদযাপন

আজি বিশ্ব খোজকঢ়া দিৱস । শিৱসাগৰ কাৰাটে স্কুলৰ উদ্যোগত আজি শিৱসাগৰত পালন কৰা হয় বিশ্ব খোজকঢ়া দিৱস ।

শিৱসাগৰত বিশ্ব খোজকঢ়া দিৱস উদযাপন
শিৱসাগৰত বিশ্ব খোজকঢ়া দিৱস উদযাপন

By

Published : Oct 4, 2020, 12:08 PM IST

শিৱসাগৰ, 4 অক্টোবৰ : আজি বিশ্ব খোজকঢ়া দিৱস । যান্ত্ৰিকতাৰ মাজত মানৱ জীৱন একাকাৰ হৈ যোৱাৰ লগে লগে শাৰিৰীক পৰিশ্ৰম কমি আহিবলৈ ধৰিলে‌ । ফলত মানুহৰ মাজত বৃদ্ধি পাব ধৰিছে বিভিন্ন ৰোগৰ । এনে সময়ত শাৰিৰীক পৰিশ্ৰমৰ অন্য এক উপায় খোজকঢ়া সমগ্ৰ বিশ্বত স্বাস্থ্য সচেতন সকলৰ মাজত জনপ্ৰিয় হৈ উঠাৰ লগতে এনে শাৰিৰীক ব্যায়ামৰ প্ৰসাৰ আৰম্ভ হৈছে। সুস্বাস্থ্যৰ বাবে খোজকঢ়াটো এক মহৌষধ ৰূপে পৰিগণিত হৈছে। সমগ্র বিশ্বতে খোজকঢ়াটোক এক শ্ৰেষ্ঠ শৰীৰ চৰ্চা বুলি কোৱা হয়।

কিন্তু সমগ্র বিশ্বতে মহামাৰী কোভিড-19ৰ বাবে আমাৰ সমাজ ব্যৱস্থাৰ লগতে ক্ৰীড়া ক্ষেত্ৰ আৰু স্বাস্থ্য সেৱা সমূহৰ কামকাজত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে । এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো অত্যন্তই প্ৰয়োজনীয় । ইয়াৰ মাজতে আজি বিশ্বই পালন কৰিছে বিশ্ব খোজকঢ়া দিৱস ৷

শিৱসাগৰত বিশ্ব খোজকঢ়া দিৱস উদযাপন

শিৱসাগৰ কাৰাটে স্কুলৰ উদ্যোগত আজি শিৱসাগৰতো পালন কৰা হয় বিশ্ব খোজকঢ়া দিৱস । এই উপলক্ষে আজি পুৱাৰ ভাগত শিৱসাগৰ নগৰস্থিত ঐতিহাসিক দৰবাৰ খেলপথাৰৰ পৰা নগৰ পৰিভ্ৰমণ কৰি এক WALKING RALLY উলিওৱা হয় ।

লগতে পঢ়ক :ইউনিফাইড কামাণ্ড ষ্ট্ৰাকশ্বাৰৰ ষ্ট্ৰেটেজি গ্ৰুপৰ উদ্বোধনী বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালৰ অংশ গ্ৰহণ

ABOUT THE AUTHOR

...view details