ডিমৌ,৫ জুন : বুধবাৰে পবিত্ৰ ঈদৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ডিমৌত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছ-পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমগ্ৰ বিশ্বত প্ৰকৃতিপ্ৰেমীয়ে বৃক্ষৰোপণেৰে প্ৰকৃতিৰ বুকু উপচাই পেলোৱাৰ সময়তে অসমৰ জৈৱ বৈচিত্ৰৰ অন্যতম ক্ষেত্ৰ ডিমৌৰ পানীদিহিং পক্ষী অভয়াৰণ্যতো পূবেৰুণ বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠনৰ উদ্যোগত আৰু শিৱসাগৰ টুৰিষ্ট গাইড এছ'চিয়েচনৰ সহযোগত বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ২৬৭ বিধ আলহী পক্ষীৰ ৰম্যভূমি পানীদিহিঙৰ বুকুত বৃক্ষৰোপণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰাণ মহিলা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অজয় কুমাৰ গগৈয়ে।
ডিমৌত বিশ্ব পৰিৱেশ দিৱস উদযাপন: বৃক্ষৰোপণ কাৰ্যসূচী - বৃক্ষৰোপন কাৰ্যসূচী
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমৌৰ পানীদিহিং পক্ষী অভয়াৰণ্যতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ২৬৭ বিধ আলহী পক্ষীৰ ৰম্যভূমি পানীদিহিঙৰ বুকুত বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

আনহাতে,ডিমৌৰ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগণত শিৱসাগৰ জিলা বন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰশাসনীয় বিষয়া,ছাত্ৰ-ছাত্ৰী,খেলুৱৈ আৰু সুৰক্ষা বাহিনী আই.টি.বি.পিৰ জোৱানসকলে। হাতত বন্দুকৰ সলনি গছ পুলি লৈ ব্যতিক্ৰমী ৰূপত জোৱানসকলে ছাত্ৰ - ছাত্ৰীসকলৰ সৈতে এনেদৰে গ্ৰাম্য ক্ৰীড়াংগণ চৌহদত বৃক্ষৰোপণ কৰে । বিশ্বজুৰি হোৱা গোলকীয় উঞ্চতা বৃদ্ধিৰ সময়ত প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে এনেদৰে সকলোৱে লগে-ভাগে প্ৰকৃতিৰ বাবে অৱদান যোগোৱা পৰিলক্ষিত হয়। এই কাৰ্যসূচীত শিৱসাগৰ জিলা বন বিষয়া জয়শ্ৰী নাইডিং,জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা,আই.টি.বি.পিৰ কামাণ্ডাৰ প্ৰকাশ গুপ্তা আদিকে ধৰি বহুজন চৰকাৰী বিষয়াই অংশ গ্ৰহণ কৰে।