আমগুৰি, ৫ জুন: সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস (World environment day celebrated in Assam) ৷ এই বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে আমি দেখুৱাব খুজিছোঁ শিৱসাগৰৰ চাৰিঙত সেউজীয়াৰ সমাহাৰৰ দৃশ্য (View of the first rubber garden in Sivasagar) ৷ প্ৰদূষণ ৰোধ আৰু প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ বাৰ্তা কঢ়িয়াই অনা এখন মানৱ সৃষ্ট অৰণ্যৰ দৃশ্য (Man made forest in Sivsagar) ৷
প্ৰায় ডেৰপুৰা মাটিত ২০০ জোপা ৰবৰৰ গছ থকা শিৱসাগৰৰ প্ৰথমখন ৰবৰৰ বাগানে সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷ চাৰিং ন-খনা খনিকৰ গাঁৱৰ এটা দম্পতীয়ে লালন-পালন কৰিছে ৰবৰৰ গছবিলাক ৷ ১৯৯২ চনত কেৰেলাৰ পৰা ৰবৰৰ পুলি আনি ৰোপন কৰিছিল এই দম্পতীয়ে ৷ ২০০০ চনৰ পৰা ৰবৰ উৎপাদন কৰা বিজয় খনিকৰ আৰু তেওঁৰ পত্নী শেৱালি খনিকৰে বিগত ২৯ বছৰে ৰবৰৰ কেঁচামাল বিক্ৰী কৰি স্বাৱলম্বী হৈ উঠিছে ।