শিৱসাগৰ, 21 জুন :সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ বৰ্ধিত টীকাকৰণ কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাজ্যত দৈনিক 3 লাখ লোকক টীকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৷ সেই অনুসৰি সোমবাৰৰ পৰা শিৱসাগৰ জিলাত আৰম্ভ হোৱা ব্যাপক প্ৰতিষেধক প্ৰদান অভিযানৰ অন্তৰ্গত জিলাখনৰ ২৩ খন চাহ বাগিচাত ৩৮০০ পালি প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।
জিলাখনৰ আমগুৰি, টিফুক, আঠাবাৰী, মুণপুখুৰী, বিহুবৰ, বিহুবাৰী, বৰচলা, দেওপানী, গেলেকী, হনুমানবাগ, খঙীয়া, কৃষ্ণবিহাৰী, লক্ষ্মীজান, লিগিৰীপুখৰী, মেকিপুৰ, মোদীনগৰ, মহখুটি, ৰাজমাই, চণ্টক আৰু থাওৰা চাহ বাগিচাৰ ৩৮০০ শ্ৰমিকক এই প্ৰতিষেধক প্ৰদান কৰা হয় । আন আন বাগিচাৰ দৰে শিৱসাগৰৰ ৰাজমাই চাহ বাগিচাতো সোমবাৰে এই প্ৰতিষেধক প্ৰদান কৰে । চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত এক উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলা হয় ।
শিৱসাগৰ জিলাত আৰম্ভ বৰ্ধিত টীকাকৰণ প্ৰক্ৰিয়া প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত প্ৰতিষেধক গ্ৰহণ কৰিব অহা লোকসকলৰ বহাৰ ব্যৱস্থাকে আৰম্ভ কৰি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে । উক্ত কেন্দ্ৰতসমূহত প্ৰদান কৰা ১৫০ পালি প্ৰতিষেধকৰ লগতে অনাগত সময়ত জিলা প্ৰশাসনৰ উদ্যোগত চাহ বাগিচাৰ শ্ৰমিকসকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব । আনহাতে, সোমবাৰে বৰ্ধিত প্ৰতিষেধক প্ৰদান অভিযানৰ অন্তৰ্গত চাহ বাগিচাৰ ওপৰিও জিলাখনৰ সাধাৰণ ৰাইজক ১৭ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত মুঠ ৪২০০ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।
উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 21 জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷ আগষ্ট মাহত প্ৰতিগৰাকী নাগৰিকক প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য বান্ধি লোৱাৰ লগতে দ্বিতীয় পালি প্ৰদান প্ৰক্ৰিয়াও চলি থাকিব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক :মুকালমুৱাত পাঁচ দুৰ্ধৰ্ষ ডকাইত আটক