শিৱসাগৰ, 19 জুনঃ শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীৰ চকীক লৈ দুই উচ্চ পদস্থ অসম প্ৰশাসনিক বিষয়াৰ মাজত লাগিছে টনা আজোৰা। যোৱা 2017 চনৰ 8 মাৰ্চৰ পৰা শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ এই চকী দখল কৰি আছিল অসম প্ৰশাসনিক সেৱাৰ বিষয়া শেৱালী বৰদলৈয়ে। কিন্তু যোৱা 27 মে'ত অসম চৰকাৰৰ পাৰ্চনেল বিভাগে AAA.30/2016/117 নিৰ্দেশ যোগে শেৱালী বৰদলৈক শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা খনিজ পদাৰ্থ (Mines and Minerals) বিভাগৰ যুটীয়া সচিব পদলৈ বদলি কৰে ।
আনহাতে সেই AAA.30/2016/117-B নিৰ্দেশ মতেই একে পদতে কাৰ্যনিৰ্বাহ কৰি থকা বিপুল শইকীয়াক শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পদত বদলি কৰা হয় । সেই অনুসৰি শেৱালী বৰদলৈৰ ঠাইত বিপুল শইকীয়াই যোৱা 16 জুনত শিৱসাগৰত উপস্থিত হৈ শেৱালী বৰদলৈৰ পৰা আনুষ্ঠানিক ভাৱে শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ দায়িত্ব গ্ৰহণ কৰে ।
কিন্তু 19 জুনত পুৱা বিপুল শইকীয়া নিজৰ কাৰ্যালয়ত গৈ উপস্থিত হৈ আচম্বিত হৈ পৰে । কিয়নো মাত্ৰ দুদিন আগতে কার্যভাৰ ত্যাগ কৰা শেৱালী বৰদলৈয়ে পুনৰ দখল কৰি আছে কাৰ্যবাহী বিষয়াৰ চকী । দুদিন পূৰ্বে বদলি হোৱা পদত পুনৰ অধিষ্ঠিত হোৱাৰ নিৰ্দেশ আহিছে বুলি উল্লেখ কৰি দখল কৰে সেই চকী । কিন্তু এই সন্দৰ্ভত শেৱালী বৰদলৈয়ে কোনো লিখিত নিৰ্দেশ প্ৰদৰ্শন কৰিব নোৱাৰিলে ।