শিৱসাগৰত জব্দ বৃহৎ পৰিমাণৰ অবৈধ খয়েৰ ভৰ্তি ট্ৰাক
ডিব্ৰুগড়ৰ পৰা শিৱসাগৰৰ মাজেৰে হাৰিয়ানা অভিমুখে লৈ গৈ থকা অৱস্থাতে জব্দ কৰা হয় খয়েৰ ভৰ্তি ট্ৰাক দুখন ৷ উপযুক্ত নথি পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাত আৰক্ষীয়ে গাড়ীদুখনৰ চালকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷
শিৱসাগৰ,26 এপ্ৰিল : শিৱসাগৰৰ গৌৰীসাগৰত জব্দ অবৈধ খয়েৰ কাঠভৰ্তি দুখন ট্ৰাক ৷ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰৰ মাজেৰে হাৰিয়ানা অভিমুখে লৈ গৈ থকা অৱস্থাতে জব্দ কৰা হয় খয়েৰ ভৰ্তি ট্ৰাক দুখন ৷ গৌৰীসাগৰ আৰক্ষীয়ে অভিযান চলাই পুৱতি নিশা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে RJ 37 GB 5299আৰু RJ 23 GB 7786 নম্বৰৰ ট্ৰাক দুখন ৷ ইপিনে ট্ৰাকদুখনৰ চালকে কোনোধৰণৰ উপযুক্ত নথি পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাত আৰক্ষীয়ে গাড়ীদুখনৰ চালক ক্ৰমে ৰাজেন্দ্ৰ বাচিনচাৰ আৰু ভাটচান্দসহ চাৰিজনক আটক কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷