আমগুৰি,১২ মে': শিৱসাগৰ জিলাৰ দিখৌমুখত ধুমুহাত ক্ষতিগ্ৰস্ত লোকক সাহায্য বিতৰণ ৷ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ তৎপৰতাত বিতৰণ কৰা হয় এই সাহায্য ৷ প্ৰচণ্ড ধুমুহাত দিখৌমুখ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২৭ টাকৈ পৰিয়ালৰ বাসগৃহ ক্ষতিগ্ৰস্ত হৈছিল ৷
সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই জিলা প্ৰশাসনৰ লগত আলোচনা কৰি অধিক ক্ষতিগ্ৰস্ত ১৩ টি পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰে ৷