অসম

assam

ETV Bharat / city

এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ মূগা সঁচ উন্নয়ন প্ৰকল্পত ব্যাপক অনিয়ম - এছিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ মূগা সঁচ উন্নয়ন প্ৰকল্প

সমগ্ৰ এছিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ বুলি খ্যাত মূগা সঁচ উন্নয়ন প্ৰকল্পটো ১৯৭১ চনতে প্ৰায় ৩০০ বিঘাৰো অধিক মাটিত স্থাপন কৰা হৈছিল । চৰকাৰী অৱহেলাৰ বাবেই এছিয়াৰ সৰ্ববৃহৎ মূগা সঁচ উন্নয়ন প্ৰকল্প হিচাপে খ্যাত বৰাহীবাৰী প্ৰকল্পটো এতিয়া পৰিণত হৈছে এৰাবাৰীলৈ । বৰাহীবাৰী প্ৰকল্পত প্ৰায় ১১ হাজাৰৰো অধিক চুম গছ আছে । বৰ্তমান চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ অৱহেলাত এৰাবাৰীত পৰিণত হোৱা এই প্ৰকল্পটোত মূগা পালক সকলে আগৰ দৰে মূগা পালন নকৰে । নাম মাত্ৰ চলি থকা প্ৰকল্পটোত মূগা সঁচৰ উন্নয়নত প্ৰদান কৰা নহয় কোনো গুৰুত্ব ।

এছিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ মূগা সঁচ উন্নয়ন প্ৰকল্পত সংঘটিত ব্যাপক অনিয়ম
এছিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ মূগা সঁচ উন্নয়ন প্ৰকল্পত সংঘটিত ব্যাপক অনিয়ম

By

Published : Oct 4, 2020, 10:48 AM IST

আমগুৰি, 4 অক্টোবৰ : এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ মূগা সঁচ উন্নয়ন প্ৰকল্পত কোটিটকীয়া অনিয়ম আৰু কেলেংকাৰীৰ অভিযোগ । প্ৰাককলন অনুসৰি নিৰ্মাণ নকৰিলে বাউণ্ডেৰীৰ পকী দেৱাল ৷ শিৱসাগৰ জিলাৰ আমগুৰি বৰাহীবাৰীস্থিত মুগা সঁচ উন্নয়ণ প্ৰকল্পৰ অনিয়মে পোহৰলৈ আনিছে বহু ভয়াৱহ তথ্য । ২০১৮-১৯ বৰ্ষত বৰাহীবাৰীস্থিত মুগা সঁচ উন্নয়ণ প্ৰকল্পৰ বাউণ্ডেৰী পকী দেৱাল নিৰ্মাণৰ বাবে ১ কোটি, ২৪ লাখ ৮০ হাজাৰ টকা আবন্টন হৈছিল । বৰ্তমান ৭০ শতাংশ কাম সম্পূৰ্ণ হোৱা বাউণ্ডেৰী পকী দেৱাল নিৰ্মাণত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ।

মূগা সঁচ উন্নয়ন প্ৰকল্পত সংঘটিত ব্যাপক অনিয়ম

পকী দেৱালসমূহ ৩০ মিটাৰৰ অন্তত জইন হ'ব লাগে ৷ তাৰোপৰি পকী খুটাত বীমৰ ব্যৱস্থা থাকিব লাগে যদিও ঠিকাদাৰে প্ৰাককলন অনুসৰি নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । সদৌ টাই আহোম ছাত্ৰ সন্থাই তথ্য জনাৰ অধিকাৰ আইনৰ ভিত্তিত সমগ্ৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ অনাত ওলাই পৰিছে বিভাগটোৰ ভিতৰত চলি থকা অনিয়ম তথা দূৰ্নীতিৰ সবিশেষ । এইক্ষেত্ৰত জাতীয় সংগঠনটোৱে সংশ্লিষ্ট ঠিকাদাৰ আৰু বিভাগীয় অভিযন্ত্ৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

মূগা সঁচ উন্নয়ন প্ৰকল্পত সংঘটিত ব্যাপক অনিয়ম

উল্লেখ্য যেসমগ্ৰ এছিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ বুলি খ্যাত মূগা সঁচ উন্নয়ন প্ৰকল্পটো ১৯৭১ চনতে প্ৰায় ৩০০ বিঘাৰো অধিক মাটিত স্থাপন কৰা হৈছিল । চৰকাৰী অৱহেলাৰ বাবেই এছিয়াৰ সৰ্ববৃহৎ মূগা সঁচ উন্নয়ন প্ৰকল্প হিচাপে খ্যাত বৰাহীবাৰী প্ৰকল্প এতিয়া পৰিণত হৈছে এৰাবাৰীত । বৰাহীবাৰী প্ৰকল্পত প্ৰায় ১১ হাজাৰৰো অধিক চুম গছ আছে । এই চুম গছসমুহত মূগা পালন কৰিছিল অঞ্চলটোৰ বহু মূগা পালকে । মূগা পালন কৰা এই সকল মূগা পালকে বছৰি যথেষ্ট পৰিমাণে উপাৰ্জনো কৰিছিল । বৰ্তমান চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ অৱহেলাত এৰাবাৰীত পৰিণত হোৱা এই প্ৰকল্পটোত মূগা পালক সকলে আগৰ দৰে মূগা পালন নকৰে । নাম মাত্ৰ চলি থকা প্ৰকল্পটোত মূগা সঁচৰ উন্নয়নত প্ৰদান কৰা নহয় কোনো গুৰুত্ব । মূগা সঁচ উন্নয়নৰ নামত মূগা পালকৰ পৰা সংগ্ৰহ কৰা ৰেভিনিউৰ বিনিময়ত মূগা পালকক যোগান ধৰা মূগা সঁচ অতি নিম্নমানৰ বুলি অভিযোগ উত্থাপন কৰে মূগা পালকে ।

চৰকাৰ আৰু বিভাগীয় অৱহেলাত এই প্ৰকল্পটোত নিগাজিকৈ থকাৰ বাবে নাই কোনো সু ব্যৱস্থা । যাৰ পৰিণতিত কাৰ্যালয় বন্ধ থকাৰ দিনকেইটাত প্ৰকল্পটো চোৱা-চিতা কৰিবলৈ কোনো নাথাকে । দুৰ্ভাগ্যৰ বিষয় যে, যি চাৰিগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে, তেওঁলোক থাকিবৰ বাবে নাবাৰ্ডৰ সহযোগত প্ৰকল্প চৌহদত নিৰ্মাণ কৰা ঘৰকেইটাতো আজি পৰ্যন্ত নাই বিদ্যুৎ আৰু পানীৰ ব্যৱস্থা ।

লগতে পঢ়ক :অৰুণাচল প্ৰদেশৰ 3 খন জিলাত আফচপা বলবৎ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details