শিৱসাগৰ, 6 জুলাইঃকবি নীলিম কুমাৰৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে টাই আহোম যুৱ পৰিষদে । পষেকীয়া আলোচনী প্ৰান্তিকত প্ৰকাশিত এটি কবিতাক কেন্দ্ৰ কৰি গৰজি উঠিছে টাই আহোম যুৱ পৰিষদৰ সদস্য সকল ৷
নীলিম কুমাৰ আৰু প্ৰান্তিক আলোচনীৰ সম্পাদকৰ বিৰুদ্ধে এজাহাৰ দাখিল - টাই আহোম যুৱ পৰিষদে
"অসুস্থ চিটি বাছ" নামৰ কবিতাটোৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰে টাই আহোম যুৱ পৰিষদে ৷ অতি শীঘ্ৰে কবি জনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী কৰিছে টাই আহোম যুৱ পৰিষদৰ সদস্য সকলে ৷
নীলিম কুমাৰ আৰু প্ৰান্তিক আলোচনীৰ সম্পাদকৰ বিৰুদ্ধে এজাহাৰ দাখিল !
আনহাতে কিছু দিন পূৰ্বে কলিকতাৰ গৰ্গ চ্যাটার্জী নামৰ বুদ্ধিজীৱি জনে আহোম জনগোষ্ঠীটোক অপমান কৰা ঘটনাটোক তীব্ৰ গৰিহণা দিয়ে ৷ লগতে অসম আৰক্ষীয়ে গৰ্গ চ্যাটার্জীক আটক কৰিব নোৱাৰাটো দুখজনক বুলি ক্ষোভ প্ৰকাশ কৰে টাই আহোম যুৱ পৰিষদৰ সদস্য সকলে ৷ অতি শীঘ্ৰে গৰ্গ চ্যাটার্জীক আটক কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী তোলাৰ লগতে উচিত শাস্তি দিবলৈ দাবী তুলিছে সংগঠনটোৰ সদস্য সকলে ৷
লগতে পঢ়ক- চৰকাৰৰ নতুন ভূমিনীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কৃষক মুক্তি