আমগুৰি, ১৭ জানুৱাৰী :মাঘ বিহুৰ অন্যতম এক পৰম্পৰা হৈছে ম’হযুঁজ (Buffalo Fight in Assam) ৷ ৰাজ্যত অতীজৰে পৰা চলি আহিছে এই ক্ৰীড়া ৷ কিন্তু উচ্চতম ন্যায়ালয়ে ম’হযুঁজৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে কেইবছৰমান পূৰ্বে (Supreme Court's ban on Buffalo fight)৷ তাৰ পাচতেই ম’হযুঁজক লৈ সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক কোনোপধ্যেই মানি ল’ব খোজা নাই গুৱালসকলে ৷ সেয়ে বিভিন্ন স্থানত অনানুষ্ঠানিকভাৱে হ’লেও ম’হযুঁজ অনুষ্ঠিত হৈ আহিছে ৷
শিৱসাগৰৰ কালুগাঁও জাপিসজীয়া পথাৰতো পৰম্পৰা ৰক্ষা কৰি যুঁজোৱা হ’ল ম’হ ৷ কিন্তু প্ৰতিকীভাৱেহে এই যুঁজ অনুষ্ঠিত কৰা হয় (Symbolic Buffalo Fight in Sivsagar)৷ নৱপ্ৰজন্মক মহযুঁজৰ বিষয়ে সাম্যক জ্ঞান দিবৰ কাৰণে আৰু ঐতিহ্য ৰক্ষাৰ বাবে অনুষ্ঠিত কৰা হ’ল এই প্ৰতিকী ম’হযুঁজ । ম’হৰ প্ৰতিকী নিৰ্মাণ কৰি মানুহে যুঁজ কৰা দেখা গ’ল ম’হৰ দৰে ৷ বিগত বৰ্ষতো এইদৰেই অনুষ্ঠিত হৈছিল ম’হযুঁজ ৷
এই প্ৰতিকী ম’হ যুঁজ চাবলৈ উদগ্ৰীৱ হৈ পৰে গাঁওবাসী । শ শ লোকে ম’হযুঁজ চাই আনন্দ লভিলে । ক'ভিড পৰিস্থিতিৰ মাজতো গাঁওবাসীয়ে প্ৰতিকী ম’হ যুঁজ কৰি ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ চেষ্টা চলালে শিৱসাগৰত ।