আমগুৰি, 7 আগষ্ট : ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ চাহ বাগানৰ পৰা উৎপাদিত কেঁচা চাহপাত সমূহ যি মূল্যত বিক্ৰী কৰিব লাগিছিল তাৰ বিপৰীতে তেনেই সীমিত মূল্যতেই বিক্ৰী কৰিলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ফলত লাভতো দূৰৈৰ কথা বহু লোকচানৰ সন্মুখীন হৈছে চাহ খেতিয়কসকল ৷
ঠিক একেদৰে শিৱসাগৰ জিলা (Sivasagar District)ৰ আমগুৰিতো একেই অৱস্থা ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ ৷ চাহৰ উৎপাদনৰ বিপৰীতে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতৰ মূল্য হ্ৰাস পোৱাত পৰিয়াল চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে । ইয়াৰ বিপৰীতে বৃদ্ধি হৈছে শ্ৰমিকৰ দৈনিক মজুৰি , ৰাসায়নিক সাৰৰ মূল্যকে ধৰি কীটনাশক ঔষধৰ দাম ।
নিম্নগামী কেঁচাপাতৰ মূল্য: দিক বিদিক হেৰুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কে আনহাতে, মধ্যভোগী কেঁচা চাহপাত ব্যৱসায়ীৰ অত্যধিক কমিচনৰ বাবেও সঠিক মূল্য লাভ নকৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে । বৰ্তমান কেঁচা চাহপাতৰ মূল্য প্ৰতি কেজিত ১৫ ৰপৰা ১৭ টকা ।
লগতে পঢ়ক- খাকী পোচাকত কালিমা : উৎকোচ লৈ নিলম্বিত দুই কনিষ্টবল
চৰকাৰক কেচা চাহপাতৰ সঠিক মূল্য নিৰ্দ্ধাৰণ কৰিবলৈ দাবী জনাইছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে । ইফালে গোলাঘাট জিলাতো হাহাকাৰ চাহ খেতিয়ক সকলৰ মাজত ৷ কেঁচা চাহপাতৰ মূল্য প্ৰতি কেজিত 8 টকাৰো অধিক হ্ৰাস হোৱাত মূৰে কঁপালে হাত দিবলগীয়া হৈছে সৰুপথাৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল । সাৰ, কীটনাশক, শ্ৰমিকৰ মজুৰি আদি প্ৰদানৰ ক্ষেত্ৰত উপায়হীন হৈছে খেতিয়কসকল ।
আনকি কেঁচা চাহপাতৰ মূল্য নিম্নগামী হোৱাৰ ফলত পৰিয়াল পোহপাল দিবলৈও অপাৰগ হৈ পৰিছে । একমাত্ৰ মালিকপক্ষৰ মৈমতালি আৰু চৰকাৰৰ কোনোধৰণৰ হস্তক্ষেপ নথকাৰ বাবেই ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰকৃত মূল্য লাভ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি প্ৰতিকেজি কেঁচা চাহ পাতৰ মূল্য 25 টকাৰ সলনি মাত্ৰ 8 টকাত বিক্ৰী কৰিবলগীয়া হৈছে বুলি সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰিছে ৷
ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ এই সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰেও কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ তুলিছে ৷ অতি শীঘ্ৰে সৰুপথাৰৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন (MLA Biswajit Phukan)ৰ লগতে চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বৃহত্তৰ টেঙানি অঞ্চলৰ চাহখেতিয়কসকলে ৷
লগতে পঢ়ক -ভয়াৱহ ক’ভিড পৰিস্থিতিৰ মাজতো স্বাস্থ্য কেন্দ্ৰত অনিয়মৰ অভিযোগ