শিৱসাগৰ, 23 জুলাই : শিৱসাগৰত পথ দূৰ্ঘটনাত এজন লোকৰ মৃত্যু হয় । বিপিন গগৈ নামৰ লোকজনৰ নগৰৰ সমীপৰ প্ৰগতি গাড়ী ডিলাৰৰ সন্মুখত ৩৭ নং ঘাইপথত পথত এক পথ দূৰ্ঘটনাত মৃত্যু হয় । টেক্সি মঠাদাঙৰ নিৱাসী দোকানৰ কৰ্মচাৰী গগৈয়ে দোকান বন্ধ কৰি ঘৰমুৱা হোৱা অৱস্থাত কোনো এক বাহনে মহতিয়াই নিয়ে লোকজনক । সংকটজনক অৱস্থাত লোকজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । বৰ্তমানে দূৰ্ঘটনা সংঘটিত কৰা বাহনৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে ।
শিৱসাগৰত পথ দূৰ্ঘটনাত এজনৰ মৃত্যু - Sivsagar Road accident one killed
বিপিন গগৈ নামৰ এজন ষাঠি ঊৰ্দ্ধৰ লোকৰ নগৰৰ সমীপৰ প্ৰগতি গাড়ী ডিলাৰৰ সন্মুখত ৩৭ নং ঘাইপথত পথত এক পথ দূৰ্ঘটনাত মৃত্যু হয় ।
শিৱসাগৰত পথ দূৰ্ঘটনাত এজনৰ মৃত্যু