আমগুৰি, 31 ডিচেম্বৰ : নৱবৰ্ষক আদৰাৰ নামত যাতে কোনো লোকে ৰাজ্যত (31st night celebration in Assam) নিয়ম ভংগ কৰিব নোৱাৰে তাৰ বাবে যথেষ্ট কঠোৰ হৈ পৰিছে আৰক্ষীৰ লগতে পৰিবহন বিভাগ । সেয়ে ৰাজ্যৰ প্ৰত্যেকখন জিলাতে সস্তম হৈছে অসম আৰক্ষী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত সক্ৰিয় ৰূপত দেখা গৈছে জিলা প্ৰশাসন তথা আৰক্ষীৰ লোকক ৷ বাদ পৰি ৰোৱা নাই শিৱসাগৰ আৰক্ষীৰ লগতে পৰিবহন বিভাগো (Sivsagar police strict on drink and drive) ৷
বৃহস্পতিবাৰে শিৱসাগৰ জিলা পৰিবহণ বিভাগে আমগুৰি আৰু নামতি আৰক্ষীৰ সহযোগত পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে চলাই এক অভিযান । অভিযানকাৰী দলটোৱে গাড়ীত চিটবেল্টৰ ব্যৱহাৰ আৰু দুচকীয়া বাহনত চালক আৰু আৰোহী দুয়োজনে হেলমেট পৰিধান কৰিছেনে নাই (Sivsagar Police strictly implement helmet rules), সেই সন্দৰ্ভতো তন্ন তন্নকৈ পৰীক্ষা কৰিছে ৷