অসম

assam

ETV Bharat / city

বাজেটত শিৱসাগৰৰ বিকাশ সাধনৰ কথা ঘোষণা : উৎফুল্লিত শিৱসাগৰবাসী - Union budget latest update

শিৱসাগৰক পুৰাতাত্বিক স্থান হিচাপে ঘোষণা কৰাৰ লগতে সংগ্ৰহালয় নিৰ্মাণৰ কথা বাজেটত ঘোষণা কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে ৷

সংগ্ৰহালয় নিৰ্মাণ
শিৱসাগৰ

By

Published : Feb 1, 2020, 7:08 PM IST

শিৱসাগৰ, 1 ফেব্ৰুৱাৰী : শনিবাৰে দিনৰ 11 বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰে কেন্দ্ৰীয় বাজেট ৷ সীতাৰমণৰ কাৰ্যকালৰ দ্বিতীয়খন বাজেটত মোডী চৰকাৰে প্ৰতিটো খণ্ডতে অৰ্থ সাহায্য প্ৰদান কৰাৰ প্ৰয়াস চলায় ৷ বাজেটত দেশৰ পাঁচখন পুৰাতাত্বিক স্থানৰ বিকাশ সাধনৰ কথা ঘোষণা কৰে নিৰ্মলা সীতাৰমণে ৷

বাজেটত শিৱসাগৰৰ বিকাশ সাধনৰ কথা ঘোষণা

ইয়াৰ ভিতৰত অসমৰ শিৱসাগৰ জিলাইও স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ শিৱসাগৰৰ উপৰিও অন্য চাৰিখন পুৰাতাত্বিক স্থান হৈছে হাৰিয়ানাৰ ৰাখীগড়ী, উত্তৰ প্ৰদেশৰ হস্তিনাপুৰ, গুজৰাটৰ ঢোলাবীৰা আৰু তামিলনাডুৰ আদিচানাল্লুৰ ৷

প্ৰেম গগৈ

শনিবাৰৰ বাজেটত অসমৰ শিৱসাগৰত এটা উন্নতমানৰ সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱ ৰাখে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ এই ঘোষণাৰ পাচতে উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী ৷

ড: সৌমাৰজ্যোতি মহন্ত

আহোমৰ ছশ বছৰীয়া শাসনৰ ইতিহাস বহনকাৰী জিলাখনত এই ঘোষণাই সৰ্বস্তৰৰ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ তুলিছে । এই ঘোষণাৰ ফলত পৰ্যটনৰ মানচিত্ৰত শিৱসাগৰক এক বিশেষ স্থান দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ।

ড: এম. এছ. লক্ষ্মীপ্ৰিয়া

আনহাতে, শিৱসাগৰীয়া ৰাইজে এনে ঘোষণা কেৱল ঘোষণাতে নাৰাখি অনতিপলমে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণৰ আশা কৰিছে ।

আৰু পঢ়ক : বাজেট 2020 : পাঁচটা পৰ্যায়ত চৰকাৰৰ কৰ প্ৰণালী ঘোষণা

ABOUT THE AUTHOR

...view details