অসম

assam

ETV Bharat / city

ভোট গণনাৰ বাবে তৎপৰ শিৱসাগৰ প্ৰশাসন

২৩ মে’ৰ ভোট গণনাৰ বাবে তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন ৷ নিৰাপত্তা তথা যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৷ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ টা হলত হ’ব ভোট গণনা ৷

ETV BHARAT

By

Published : May 21, 2019, 9:03 PM IST

শিৱসাগৰ, ২৩ মে': ভোট গণনাৰ বাবে সাজু হৈ উঠিছে শিৱসাগৰ জিলা প্ৰশাসন ৷ ২৩ মে’ৰ পুৱা আঠ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা প্ৰক্ৰিয়া ৷ ইতিমধ্যে ভোট গণনাৰ বাবে স্থান নিৰ্ধাৰণ কৰিছে প্ৰশাসনে ৷ শিৱসাগৰ নগৰৰ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩টা হলত হ’ব ভোট গণনা ৷ জিলাখনৰ উপায়ুক্ত ডঃ এছ লক্ষ্মণে প্ৰকাশ কৰা অনুসৰি গণনা আৰম্ভ হোৱাৰ প্ৰথম ঘণ্টাৰ পৰা পৰ্যায় ক্ৰমে ফলাফলসমূহ প্ৰকাশ কৰি থাকিব ৷ তেওঁ লগতে কয় যে VVPAT ৰ বাবে ফলাফল ঘোষণাত লাগিব পাৰে কিছু অতিৰিক্ত সময় ৷

ভোট গণনাৰ বাবে সাজু শিৱসাগৰ প্ৰশাসন

ভোটগণনা কেন্দ্ৰটোত শিৱসাগৰ,আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ ভোট গণনা সম্পন্ন হ’ব আৰু চূড়ান্ত ফলাফল ঘোষিত হ’ব যোৰহাটৰ ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ৰ পৰা ৷ ইয়াৰোপৰি ভোট গণনাৰ বাবে প্ৰশাসনে নিৰাপত্তা আৰু যাৱতীয় সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে । যোৰহাট সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে মুঠ আঠগৰাকীকৈ প্ৰাৰ্থী ৷

ABOUT THE AUTHOR

...view details