শিৱসাগৰ,6 এপ্ৰিল: শিৱসাগৰ জিলা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা । ক’ভিড 19 ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলাখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা । শিৱসাগৰ জিলা দণ্ডাধীশ বিষ্ণুকমল বৰাই মঙলবাৰে এক আদেশ জাৰি কৰি তৎকালীনভাৱে বলৱৎ কৰিছে এই ধাৰা ৷
শিৱসাগৰ জিলাত মাস্ক পৰিধান, সামাজিক দুৰত্ব মানি চলা আৰু য’তে ত’তে থু-খেকাৰ, পিক পেলোৱা নিষিদ্ধ কৰা হৈছে । লগতে সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠানৰ লগতে ব্যৱসায় প্ৰতিষ্ঠানত থাৰ্মেল স্কেনিং, চেনিটাইজাৰ আৰু হাত ধোৱাৰ ব্যৱস্থা বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে । আদেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ 144 ধাৰা আৰু দুৰ্যোগ প্ৰশমন আইন ২০০৫ ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বিভাগে ।