সম্ভাৱনাৰ ৰৌদ্ৰোজ্বল বাটেৰে শিৱসাগৰৰ এখন ব্যতিক্ৰমী গাঁও - শিৱসাগৰ জিলাৰ বেলিমুখীয়া চাংমাই গাঁও
কৰ্মসংস্কৃতিৰে জাতিষ্কাৰ আমগুৰিৰ বেলিমুখীয়া চাংমাই গাঁও ৷ ক্ষুদ্ৰ উদ্যোগৰ বিকশিত ৰূপ ৷
শিৱসাগৰ, 9 অক্টোবৰ: শিৱসাগৰ জিলাৰ ঐতিহাসিকভাৱে সমৃদ্ধ বেলিমুখীয়া চাংমাই গাঁও । আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওখনত আহোম ৰজাৰ দিনত দুষ্ট প্ৰকৃতিৰ ব্যক্তিক বেলিৰ ফালে মুখ কৰি শাস্তি দিয়াৰ বাবে বেলিমুখীয়া হোৱা বুলি কয় । আনহাতে কোনো কোনোৱে কয় দক্ষিণমুৱাকৈ এজন ব্যক্তি থিয় হ'লে বেলিটো মুখতে পৰে বাবে বেলিমুখীয়া হ'ল বুলি ক'ব খোজে ।
ধৰ্মীয় ৰীতি-নীতিৰে সমৃদ্ধ গাঁওখনৰ বয়োজ্যেষ্ঠসকলে একতাৰ ডোলেৰে সম্প্ৰীতিৰে হৰি নামৰ অমিয়া মাদকতাত ডুব যায় ।
কৃষিজীৱি গাঁওখনৰ বহু পৰিয়ালে পাচি, খৰাহী, জাকৈ, বিচনী, জুলুকী সাজি পৰিয়াল পোহপাল দি আহিছে । কিছু পৰিয়ালে জাল গোঁঠি বিক্ৰী কৰিও আহিছে । মহিলাসকলেও পাতিধৰা বনাই কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰি আহিছে । গাঁওখনৰ বিৰেন বৰুৱা, দুলু ৰাজখোৱা, ৰাতুল বৰুৱাকে ধৰি বহুকেইটা পৰিয়ালে এৰীপলু পুহি জীৱিকা নিৰ্বাহ কৰি আহিছে ।
মহিলাসকলো কোনো ক্ষেত্ৰতে পিছপৰা নহয়। জেউতি আত্মসহায়ক গোটৰ যোগেদি মেখেলা, চাদৰ, গামোচা, ৰুমাল বৈ উলিওৱাৰ লগতে ড'ৰমেট, চেয়াৰ বেগ, ফুলদানিৰ যোগেদিও আৰ্থিকভাৱে আগবাঢ়ি গৈছে ।