অসম

assam

ETV Bharat / city

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল - শিৱসাগৰ

শিৱসাগৰৰ বাণিজ্য মহাবিদ্যালয়ে সম্পূৰ্ণ কৰিলে ৫০ বছৰ। সোমবাৰে সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

By

Published : Jul 1, 2019, 9:06 PM IST

শিৱসাগৰ, 1 জুলাইঃ পঞ্চাশ বছৰৰ পূৰ্বে উচ্চ শিক্ষাৰ পাতনি মেলা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে সম্পূৰ্ণ কৰিলে পঞ্চাশ বছৰ । সোমবাৰে সামৰণি পৰে সোণালী জয়ন্তী উপলক্ষে আৰম্ভ হোৱা বৰ্ষজোৰা উদযাপন অনুষ্ঠান । সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বাহিৰ কৰা হয় এক বৰ্ণিল শুভাযাত্ৰা ।

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল

সামৰণি অনুষ্ঠানৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি অসমৰ উচ্চ শিক্ষাৰ উত্তৰণ আৰু নিয়োগ সৃষ্টিৰ সন্দৰ্ভত আলোকপাত কৰে। লগতে এডভাণ্টেজ অসম সম্পৰ্কে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসমত নিয়োগ বৃদ্ধিৰ বাবে এই আঁচনিৰ অধীনত বহু কোটি টকা বিনিয়োগ কৰা হৈছে আৰু ইয়াৰ দ্বাৰা অসমৰ নিবনুৱাৰ লগতে শিক্ষা সাং কৰা প্ৰজন্মই নিয়োগ লাভৰ সুবিধা পাব। সভাত মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে অংশগ্ৰহণ কৰি মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান আগবঢ়ায় ।

আৰু পঢ়কঃ নগাঁৱত ডেৰ কোটি টকা ব্যয়েৰে স্থাপন কৰা হ'ব আৰ্ট গেলেৰী

ABOUT THE AUTHOR

...view details