শিৱসাগৰ, 18 জুনঃবৃহস্পতিবাৰে শিৱসাগৰত উদযাপন কৰা হয় প্ৰাক্তন শিক্ষাবিদ,মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য শৰৎ মহন্তৰ সপ্তম মৃত্যু বাৰ্ষিকী । মৃত্যু দিৱসৰ লগত সংগতি ৰাখিয়ে শিৱসাগৰ প্ৰেছক্লাৱ আৰু শিৱসাগৰ কলেজৰ উদ্যোগত প্ৰতি বছৰে এক সোঁৱৰণি বক্তৃতা অনুষ্ঠান আয়োজন কৰাৰ লগতে মেধা বৃত্তি প্ৰদান কৰে ।
শিৱসাগৰত শিক্ষাৰ্থীলৈ প্ৰদান 'শৰৎ মহন্ত ন্যাস বঁটা' - শিৱসাগৰত শিক্ষাৰ্থীলৈ প্ৰদান 'শৰৎ মহন্ত ন্যাস বঁটা'
প্ৰাক্তন শিক্ষাবিদ,মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য শৰৎ মহন্তৰ আজি সপ্তম মৃত্যু বাৰ্ষিকী ।
![শিৱসাগৰত শিক্ষাৰ্থীলৈ প্ৰদান 'শৰৎ মহন্ত ন্যাস বঁটা' Sharat Mahanta Trust Award facilitated to students](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7667893-623-7667893-1592478360930.jpg)
Sharat Mahanta Trust Award facilitated to students
শিৱসাগৰত শিক্ষাৰ্থীলৈ প্ৰদান 'শৰৎ মহন্ত ন্যাস বঁটা'
এই বছৰে পৰিস্থিতি পৰিৱেশৰ বাবে শৰৎ মহন্ত সোঁৱৰণি স্মাৰক বক্তৃতা বাতিল কৰা হয় যদিও উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা দুগৰাকী শিক্ষাৰ্থীক শৰৎ মহন্ত মেধা বৃত্তি ৰংপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্টুপীয়া কাৰ্যসূচীৰ মাজেৰে প্ৰদান কৰা হয় ।
শিৱসাগৰত শিক্ষাৰ্থীলৈ প্ৰদান 'শৰৎ মহন্ত ন্যাস বঁটা'
শিক্ষাৰ্থী নিহাৰিকা ভৰালী আৰু তৃষ্ণা প্ৰিয়া দত্তক এই বঁটা প্ৰদান কৰে জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিল,শিৱসাগৰ বাণিজ্য বিদ্যালয়ৰ অধক্ষ্য ডঃ সৌমাৰজ্যোতি মহন্ত আদিয়ে ।