অসম

assam

ETV Bharat / city

কেন্দ্ৰৰ প্ৰৱঞ্চনা: জনজাতিকৰণৰ দাবীত শিৱসাগৰত বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ - পুনৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

জনজাতিকৰণক কেন্দ্ৰ কৰি উত্তপ্ত শিৱসাগৰ ৷ কেন্দ্ৰৰ বঞ্চনাৰ প্ৰতিবাদত একাধিক সংগঠনৰ প্ৰতিবাদ শিৱসাগৰত ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃৰ্তি দাহ (Protest in Assam) ৷

several-tribal-communities-protest-for-deprived-of-st-status-again
শিৱসাগৰত আহোম, মটক জনগোষ্ঠীৰ প্ৰতিবাদ

By

Published : Sep 15, 2022, 2:31 PM IST

শিৱসাগৰ, 15 ছেপ্টেম্বৰ:পুনৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ । কেন্দ্ৰীয় চৰকাৰৰ জনজাতিকৰণৰ সিদ্ধান্তক লৈ বৃহস্পতিবাৰে পুৱাৰে পৰা উত্তপ্ত হৈ পৰিছে শিৱসাগৰ নগৰৰ ৰাজপথ । টাই আহোমকে ধৰি মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰাক লৈ সৰৱ হৈ পৰিছে জিলাখনৰ জনগোষ্ঠীয় সংগঠনসমূহ । যাৰবাবে পুৱা টাই আহোম ছাত্ৰ সন্থাৰ পাছত এইবাৰ পুনৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে শিৱসাগৰ জিলা মটক ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদে ।

আহোম জনগোষ্ঠীৰ লগতে মটক জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে বুধবাৰে অনুষ্ঠিত কেবিনেটত জনজাতিৰ মৰ্যদা প্ৰদান নকৰাকলৈ আজি দুয়োটা সংগঠনে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে । শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত টাইপাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ একেদৰে শিৱসাগৰৰ প্ৰগতি চাৰিআলিত মটক ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃৰ্তি দাহ কৰে ।

সংগঠনদ্বয়ে অনাগত সময়ত বিজেপি চৰকাৰে তেওঁলোকৰ কৰ্মফল ভুগিব লাগিব বুলি সকিয়াই দিয়ে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে (Union Cabinet led PM Modi granted ST) এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেন্দ্ৰীয় কেবিনেটে ছত্তিশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ অনুসূচিত জনজাতিৰ শ্ৰেণীত কেইবাটাও জনজাতীয় সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনায় (Union Cabinet approved 5 states tribes as ST) ।

শিৱসাগৰত আহোম, মটক জনগোষ্ঠীৰ প্ৰতিবাদ

কিন্তু ইয়াৰ বিপৰীতে বিগত বহুবছৰৰ পৰা জনজাতি মৰ্যদাৰ বাবে দাবী উত্থাপন কৰি অহা অসমৰ আহোম, মটক জনগোষ্ঠীসহ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ(6 tribes demanding ST in Assam) আজি পৰ্যন্ত নহ’ল ৷ যাৰবাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে শিৱসাগৰৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহ ৷ তেওঁলোকে কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জিলাখনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰখনক কটু ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক:ST status for Tribes: আকৌ বঞ্চিত হ’ল অসমৰ ছয় জনগোষ্ঠী

ABOUT THE AUTHOR

...view details