অসম

assam

ETV Bharat / city

নাওঁ নিৰ্মাণৰ কাৰখানা গঢ়ি স্বাৱলম্বী হৈ উঠিছে শিৱসাগৰৰ এজন লোক - boat making industry in Sivsagar

নিজ গৃহতে নাওঁ নিৰ্মাণৰ কাৰখানা গঢ়ি তুলি 12 জনকৈ লোকক কৰ্মসংস্থাপন দিয়াৰ লগতে নিজেও আৰ্থিকভাৱে স্বাৱলম্বী হৈ উঠিছে শিৱসাগৰৰ এজন লোক (boat making industry in Sivsagar) ৷ সৱিশেষ জানিবলৈ পঢ়ক এই বাতৰি...

নাওঁ নিৰ্মাণৰ কাৰখানা গঢ়ি স্বাৱলম্বী হৈ উঠিছে শিৱসাগৰৰ এজন লোক
নাওঁ নিৰ্মাণৰ কাৰখানা গঢ়ি স্বাৱলম্বী হৈ উঠিছে শিৱসাগৰৰ এজন লোক

By

Published : Apr 9, 2022, 9:48 PM IST

আমগুৰি, 8 এপ্ৰিল: বাৰিষা অহাৰ লগে লগে নৈপৰীয়া লোকসকলৰ একমাত্ৰ যোগাযোগৰ মাধ্যম হৈ পৰে নাওঁখন । বিশেষকৈ বানপীড়িত নৈপৰীয়া লোকসকলৰ বাবে বাৰিষাকালত বানপানীৰ সময়ত শেষ ভৰষা হৈ পৰে নাওঁখন ৷ শিৱসাগৰ জিলাৰ দিখৌমুখত এটা নাওঁ বনোৱা কাৰখানা আছে (boat making industry in Sivsagar)। দিখৌমুখ গুৱাল গাঁওত বিগত 20 বছৰে অচ্যুত সাধনিদাৰে নাওঁ নিৰ্মাণ কৰি বিক্ৰী কৰি আহিছে ।

নিজ গৃহতে নাও নিৰ্মাণৰ কাৰখানা গঢ়ি তুলি 12 জনকৈ লোকক কৰ্মসংস্থাপন দিয়াৰ লগতে নিজেও আৰ্থিকভাৱে স্বাৱলম্বী হৈ উঠিছে । হাত নাওঁৰপৰা মেচিন নাওঁ পৰ্যন্ত নিৰ্মাণ কৰি অসমৰ বিভিন্ন জিলালৈ নাওঁ প্ৰেৰণ কৰি আহিছে ৷

নাওঁ নিৰ্মাণৰ কাৰখানা গঢ়ি স্বাৱলম্বী হৈ উঠিছে শিৱসাগৰৰ এজন লোক

যোৰহাট, মাজুলি, ডিব্ৰুগড়, লক্ষীমপুৰৰ লগতে অসমৰ বিভিন্ন জিলাৰ বানপীড়িত এলেকাৰ লোকে অচ্যুত সাধনিদাৰৰ কাৰখানাৰ পৰা নাওঁ ক্ৰয় কৰে । এজাৰ কাঠেৰে বনোৱা একোখন নাওৰ দাম 15 হাজাৰৰ পৰা 5 লাখ পৰ্যন্ত হয় বুলি অচ্যুত সাধনিদাৰে জনায় । মাজুলীৰ শালমৰাৰ নাওঁ বনোৱা খনিকৰে অচ্যুত সাধনিদাৰৰ কাৰখানাত বিগত বহু বছৰ ধৰি এই কাম কৰি আহিছে ।

এই বৰ্ষত বানপীড়িত লোকৰ বাবে প্ৰায় 50 খন নাও নিৰ্মাণৰ বাবে সাজু কৰি তুলিছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে 15 খনৰো অধিক নাওঁ বিক্ৰী কৰিছে । ইফালে নাওঁ বনোৱা লোকসকলক কোনো চৰকাৰী আঁচনিয়ে ঢুকি নাপায় বুলি ক্ষোভ উজাৰি আক্ষেপ কৰে এই নাওঁ বনোৱা কাৰখানাত কাম কৰা মিস্ত্ৰিসকলে ৷

লগতে পঢ়ক :মোডী চৰকাৰৰ কৃপাত দেশবাসীৰ ওপৰত ১,২৫,৪০৭ কোটি টকাৰ বোজা : ছলমান খুৰছিদ

ABOUT THE AUTHOR

...view details