অসম

assam

ETV Bharat / city

আমগুৰিত কুকুৰা পালনেৰে স্বাৱলম্বী এটা পৰিয়াল - পৰিয়াল

দহ বছৰ ধৰি কুকুৰা পালন কৰি নিজৰ লগতে পৰিয়াল পোহ-পাল দিবলৈ সক্ষম হৈছে এজন শিক্ষিত লোক ৷ উক্ত কুকুৰা ফাৰ্ম খনৰ যোগেদি অঞ্চলটোৰ বাবে এতিয়া আদৰ্শস্বৰূপ হৈ পৰিছে লোকজন ৷

Self  Dependent Family from Broiler  Farm At Amguri, Sivasagar District
আমগুৰিত কুকুৰা পালনেৰে স্বাৱলম্বী এটা পৰিয়াল

By

Published : Oct 25, 2020, 10:57 AM IST

আমগুৰি, ২৫ অক্টোবৰঃ শিৱসাগৰ জিলাৰ আমগুৰিত কুকুৰা পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে এটা পৰিয়ালে ৷ আমগুৰি দেওধাই গাঁৱৰ সীমান্ত বৰুৱানামৰ শিক্ষিত ব্যক্তিজনে নিজা গৃহতে বৈজ্ঞানিক পদ্ধতিৰে কুকুৰা পালন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে ।

আমগুৰিত কুকুৰা পালনেৰে স্বাৱলম্বী এটা পৰিয়াল

যোৱা প্ৰায় দহ বছৰ ধৰি কুকুৰা পালন কৰি পৰিয়াল পোহ-পাল দি সুন্দৰভাৱে জীৱন অতিবাহিত কৰিবলৈ সক্ষম হৈছে সীমান্ত বৰুৱাই । সীমান্ত বৰুৱাই কেৱল কুকুৰা পালনেই নহয়, গাহৰি পালন, ৰবি শস্য খেতি কৰিও আৰ্থিকভাৱে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে । সেয়েহে উঠি অহা শিক্ষিত যুৱক-যুৱতি সকলকো চৰকাৰী চাকৰি আশা বাদ দি হাতে কামে এনেধৰণৰ কামত আত্ম নিয়োগ কৰি নিজৰ লগতে আন দহ জনকো কৰ্ম সংস্থাপন ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে সীমান্ত বৰুৱাই ৷

লগতে পঢ়ক- আধুনিকতাই চুব নোৱাৰা অসমৰ এখন খাছী গাঁও

ABOUT THE AUTHOR

...view details