অসম

assam

ETV Bharat / city

উন্নত তাঁতশালৰ প্ৰশিক্ষণৰে স্বাৱলম্বী হ'ব শিপিনী - শিৱসাগৰ

শিৱসাগৰৰ স'ৰাগুৰি চাপৰিত অএনজিচিৰ উদ্যোগত মহিলা সৱলীকৰণৰ বিশেষ ব্যৱস্থা ৷ তিনিমহীয়া জাকাৰ্ট ৰ্উইভিং উন্নত তাঁতশালৰ প্ৰশিক্ষণ ২০ গৰাকী মহিলাক

অ'এনজিচি ৰ উদ্যোগত তিনিমহীয়া জাকাৰ্ট ৰ্উইভিং উন্নত তাঁতশালৰ প্ৰশিক্ষণ

By

Published : Jun 1, 2019, 3:15 PM IST

শিৱসাগৰ, 1 জুনঃ শিৱসাগৰত অএনজিচি অসম সম্পদৰ পৃষ্ঠপোষকতাত মহিলা সৱলীকৰণ আঁচনিৰ অধীনত ২০ গৰাকী মহিলাক উন্নত তাঁতশালৰ প্ৰশিক্ষণ ৷ সৰাগুৰি চাপৰিৰ জালুৱৈ ভৱনত অনুষ্ঠিত কৰা হৈছে তিনিমহীয়া জাকাৰ্ট ৰ্উইভিং উন্নত তাঁতশালৰ প্ৰশিক্ষণ কাৰ্যসূচী । ইন্টিগ্ৰেটেড ৰুৰেল আৰ্টিচিয়ান ডেভেলপমেণ্ট অৰগেনাইজেশ্বন নামৰ এক বেচৰকাৰী সংস্থাই প্ৰদান কৰা প্ৰশিক্ষণৰ সমস্ত ব্যৱস্থা কৰিছে অএনজিচি ৰ সামাজিক দায়বদ্ধতা বিভাগে ৷ ইতিমধ্যে দুজন মুখ্য প্ৰশিক্ষকে পাটি তাঁতশালত শিপিনী ৰূপে অভিজ্ঞতা থকা ২০ গৰাকী মহিলাক জাকাৰ্ট উইভিং শালৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে ।

অ'এনজিচি ৰ উদ্যোগত তিনিমহীয়া জাকাৰ্ট ৰ্উইভিং উন্নত তাঁতশালৰ প্ৰশিক্ষণ

সাধাৰণ পাটি তাঁতশালৰ তুলনাত অধিক কাম আৰু উন্নত চানেকিৰে কাম কৰিব পৰা এনে শালত শিপিনীয়ে তুলনামূলকভাৱে অধিক উৎপাদন কৰিব পাৰিব । গাঁৱৰ মহিলা সকলক স্বনিৰ্ভৰশীল কৰি তোলাই এই প্ৰশিক্ষণৰ মূল লক্ষ্য বুলি জনাই প্ৰশিক্ষক সকলে৷ প্ৰশিক্ষণৰ জৰিয়তে পাকৈত হৈ এই মহিলা সকলক ভৱিষ্যতে অএনজিচি ৰ তৰফৰ পৰা সা-সৰঞ্জামেৰে সংস্থাপিত কৰাৰ সম্ভাৱনা আছে বুলি জনাই প্ৰশিক্ষণৰত একাংশ মহিলাই । আনহাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰী আই.আৰ. এ.ডি.অ.ৰ তৰফৰ পৰা বিপনন কৰা হব বুলিও জানিব দিছে মহিলাসকলে ।

আৰু পঢ়কঃ বাইহাটাত বিনামূলীয়া স্বাস্থ্য শিবিৰ

ABOUT THE AUTHOR

...view details