শিৱসাগৰ, 7 জুলাই : চৰকাৰে শিক্ষা বিভাগত আমূল পৰিবৰ্তন হোৱা বুলি চৰকাৰে বিভিন্ন সভাই-সমিতিয়ে ঢাক-ঢোল বজাই থকাৰ সময়তেই শিৱসাগৰ জিলাৰ এক দৃশ্যই প্ৰতিফলিত কৰিছে সৰ্বশিক্ষা অভিযানৰ প্ৰকৃত স্বৰূপ ৷ চৰকাৰে যোগান ধৰা বহুমূলীয়া কিতাপ সমূহ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰাৰ পৰিৱৰ্তে গৰু-ছাগলীৰহে খাদ্য লৈ পৰিণত হৈছে সৰ্বশিক্ষা অভিযানৰ পাঠ্য-পুথি ৷ যাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷
উল্লেখ্য যে, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত আৰম্ভ কৰা হৈছিল ভাৰতৰ সৰ্ব শিক্ষাৰ অধিকাৰ অভিযান । ২০০১ চনত আৰম্ভ হোৱা এই অভিযানত দেশৰ ৬ বছৰৰ পৰা ১৪ বছৰৰ বয়সলৈকে সকলো শিশুৰ শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছিল । ২০২১-২২ বৰ্ষত ৭৬২২ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছিল যদিও কোনো কোনো প্ৰান্তত বিদ্যালয় গৃহকে হওক বা পাঠ্য পুথি বিতৰণৰ নামত ব্যাপক খেলিমেলি হোৱা বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷
তেনে এটা ঘটনা পুনৰ পোহৰলৈ আহিছে শিৱসাগৰত ৷ শিৱসাগৰ জিলা শিক্ষা বিভাগৰ অন্তৰ্গত খেলুৱা খণ্ডৰ শিৱসাগৰ নগৰৰ দৰবাৰ খেলপথাৰত থকা পকাঘাট বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ তথা ধাইআলি মধ্য ইংৰাজী বালিকা বিদ্যালয়ৰ সংলগ্ন বিদ্যালয় ভৱনত সংঘটিত হৈছে আজৱ কাণ্ড । ২০০০ চনত ৰাজ্যসভাৰ সাংসদ বাসন্তী শৰ্মাৰ সাংসদ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰা বিদ্যালয় গৃহটো এতিয়া গৰু-ছাগলীৰ জিৰণি চ’ৰালৈ পৰিণত হৈছে । এফালৰ পৰা ভাঙি চিঙি গৈছে বিদ্যালয়ৰ খনৰ দুৱাৰ-খিৰিকী ।
অকল সেয়াই নহয় এই ভৱনটোৰ ভিতৰত থকা পাঠ্য-পুথি সমূহৰ অৱস্থা দেখিলে চকু কপালত উঠিব ৷ দেশৰ সৰ্ববৃহৎ হাজাৰ কোটি টকীয়া সৰ্বশিক্ষা অভিযান আচলতে কি দৰে পৰিচালিত হৈছে ? এয়া এক প্ৰশ্ন হৈ পৰিছে ৷