আমগুৰি, ১৯ মাৰ্চ :অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটিমান দিন বাকী ৷ ৰাজ্যৰ চৌদিশ এতিয়া ঢোল-পেঁপাৰ মাতত ৰজনজনাই উঠিছে । শিৱসাগৰ জিলাৰ আমগুৰিতো দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷ ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীয়ে প্ৰত্যেক বছৰৰ দৰে এইবছৰো অনুষ্ঠিত কৰিছে বিহু কৰ্মশালাৰ (Bihu Workshop in Amguri) ৷
বিহুনাচৰ লগতে ঢোলবাদ্যৰ প্ৰশিক্ষণ প্ৰদান কৰি কিশোৰ-কিশোৰীসকলক বিহুৰ প্ৰতি জড়িত কৰাই বিহুক শুদ্ধ ৰূপত জীয়াই ৰখাৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীয়ে ৷ এই কৰ্মশালাত অসমৰ প্ৰায় 8 গৰাকী অভিজ্ঞ ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰিব ৷ বৰ্তমানলৈ প্ৰায় 84 গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে ৷