শিৱসাগৰ, 5 ছেপ্তেম্বৰ : শিৱসাগৰ নগৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জেঙনিকটীয়া বাইপাছত শনিবাৰে নিশা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় ৷ নিশা প্ৰায় ন বজাত এখন ছুইফ্ট ডিজায়াৰ বাহনত অহা পাঁচজনীয়া ডকাইতৰ দলে এগৰাকী ট্ৰাক চালকক বৰ্বৰভাৱে আক্ৰমণ কৰে ৷
ডকাইতৰ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় আলতাফ হুছেইন নামৰ বৰপেটাৰ নিবাসী ট্ৰাক চালকজন ৷ আলতাফে এ এছ ০১ ই বি ৯৪২৫ নম্বৰৰ ট্ৰাকখনেৰে শিৱসাগৰৰ পৰা চাহপাত বোজাই কৰি গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ সময়তে সংঘটিত হয় এই ডকাইতি কাণ্ড ৷
অনুসৰণ কৰি অহা এ এছ ০১ জি চি ৩৯৯২ নম্বৰৰ ছুইফ্ট গাড়ীখনে জেঙনিকটীয়া বাইপাছ পেট্ৰ’ল ডিপোৰ সন্মুখত ট্ৰাকখনক আগভেটি ধৰে ৷ ডকাইতৰ দলটোৱে ট্ৰাকৰ চালকক চোকা অস্ত্ৰ দেখুৱাই ভাবুকিৰে ধন লুট কৰাৰ চেষ্টা চলায় ৷
কিন্তু চালক আলতাফ হুছেইনে ধন আদায় নিদি চিঞৰ-বাখৰ কৰাত ডকাইতৰ দলটোৱে চালকজনক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ চলায় ৷ ইফালে ট্ৰাক চালকৰ চিঞৰ শুনি স্থানীয় ৰাইজ ওলাই অহাত ডকাইতৰ দলটোৱে বাহনখন এৰি ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলায় ৷ স্থানীয় ৰাইজে দলটোক খেদি খেদি গৌৰৱ গগৈ নামৰ বানমুখৰ এটা ডকাইতক কৰায়ত্ত কৰে ।
লগতে পঢ়ক :নুৰুল ইছলামৰ হত্যাকাণ্ডৰ অভিযুক্তৰ ঘৰত অস্ত্ৰ ভাণ্ডাৰ জব্দ