অসম

assam

ETV Bharat / city

নিৰ্মাণৰ চাৰিদিন পিচতে খহিল পথ - road scam in sivsagar hahchora low quality materials used against 13 lakh

শিৱসাগৰ জিলাৰ নাজিৰাৰ অন্তৰ্গত হাঁহচৰাত 13 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এটা পথ ৷ দুৰ্নীতিৰ বিষয়ে শূণ্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰে ৰাজ্যত উন্নয়ন সাধিবলৈ সক্ষম হৈছে যদিও এতিয়াও ৰোধ কৰিব পৰা নাই নিম্নস্তৰত সংঘটিত হৈ থকা দুৰ্নীতি ৷ পথটো নিৰ্মাণৰ চাৰিদিন পিচতে চপৰা-চপৰে এৰাই যোৱা দৃশ্যই প্ৰমাণ কৰিছে এই কথা ৷

নিৰ্মাণৰ চাৰিদিনত খহিলে পথ

By

Published : Nov 20, 2019, 7:31 PM IST

নাজিৰা, 20 নৱেম্বৰঃদুৰ্নীতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা বিজেপি চৰকাৰে এতিয়াও সম্পূৰ্ণৰূপে নিশেষ কৰিব পৰা নাই দুৰ্নীতি ৷ ৰাজ্যৰ বিভিন্ন অঞ্চলত নিম্মস্তৰত এতিয়াও সংঘটিত হৈ আছে ভয়ানক দুৰ্নীতি ৷ শিৱসাগৰ জিলাত 13 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এটা পথৰ অৱস্থাই এই কথা প্ৰমাণ কৰিছে ৷ কেৱল শিৱসাগৰ জিলাতে নহয়, ৰাজ্যৰ বহুটো প্ৰান্তত এতিয়াও পথ নিৰ্মাণৰ নামত সংঘটিত হৈ আছে ভয়ানক দুৰ্নীতি ৷

হাঁহচৰাত নিৰ্মাণৰ চাৰিদিনত খহিলে পথ

লগতে পঢ়কঃ জোনাইৰ গ্ৰাম্য পথ নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ অভিযোগ

জিলাখনৰ নাজিৰা অঞ্চলৰ অন্তৰ্গত হাঁহচৰাত বিগত 9 বছৰ ধৰি ৰাইজে হাবাথুৰি খাই আহিছিল এটা পথৰ বাবে ৷ অৱশেষত বিজেপি চৰকাৰে উক্ত পথটোৰ নিৰ্মাণৰ বাবে আবন্টন দিয়ে সৰ্বমুঠ 13লাখ টকা ৷ পথটো নিৰ্ধাৰিত সময়তে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠে ৷ কিন্তু নিৰ্মাণৰ চাৰিদিন পিচতেই ঠিকাদাৰৰ দুৰ্নীতি ৰাইজৰ দৃষ্টিগোচৰ হয়,যেতিয়া পথটোৰ ওপৰৰ স্তৰটো চপৰা-চপৰে উঠি যায় ৷ হাঁহচৰাৰ লংকাক গোহাঁই গাওঁ সংযোগী প্ৰায় ৭০০ মিটাৰ দৈৰ্ঘৰ পথটোৰ নিৰ্মাণত ব্যয় হৈছিল 13 লাখ টকা ৷ শিৱসাগৰ PWD বিভাগৰ তৰফৰ পৰা লখিমপুৰৰ জনৈক বৰশইকীয়া উপাধিৰ ঠিকাদাৰে নিৰ্মাণ কৰা পথটো নিৰ্মাণৰ চাৰিদিন পিচতে চকলা চকলকৈ এৰাই যোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ চৰকাৰৰ বহু লাখটকীয়া আঁচনিৰ ধন এইদৰে শৰাধ কৰি একাংশ ঠিকাদাৰে দুৰ্নীতিত লিপ্ত হৈ পৰাৰ বাবেই এইদৰে পথটো নিৰ্মাণৰ পিচতে এই অৱস্থা হয় বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ৷ গ্ৰাম্য অঞ্চলৰ সাধাৰণ ৰাইজক ঠগি খোৱা এইসকল ঠিকাদাৰক নাকী লগাবলৈ সক্ষম হ'বনে ৰাজ্য চৰকাৰ ? ৰাইজৰ প্ৰশ্ন ৷

লগতে পঢ়কঃ তিনিচুকীয়াৰ বাদলাভেটা-দুৱাৰমৰাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি!

ABOUT THE AUTHOR

...view details