অসম

assam

বাছ পৰিবহণ ব্যৱস্থা জীয়াই ৰাখিবলৈ চৰকাৰলৈ অহ্বান মালিক পক্ষৰ

শিৱসাগৰত ৰাজহুৱা বাছ পৰিবহণ ব্যৱসায় জীয়াই ৰখাৰ স্বাৰ্থত চৰকাৰলৈ কেতবোৰ ৰেহাইৰ আহ্বান অসম বাছ মালিক সন্থাৰ ৷ লক্ ডাউনৰ সময়ত চৰকাৰে বিত্তীয় প্ৰতিষ্ঠান সমূহক ঋণৰ কিস্তি গ্ৰহণ নকৰিবলৈ আহবান জনাইছিল যদিও বহু বিত্তীয় প্ৰতিষ্ঠানে কিস্তি কৰ্তন কৰাৰ পৰা বিৰত আছে যদিও কিস্তিৰ সুদ দুগুণ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে বাছ মালিক সন্থাই।

By

Published : Aug 26, 2020, 11:01 PM IST

Published : Aug 26, 2020, 11:01 PM IST

PUBLIC TRANSPORT  PRESS MEET AT SIVASAGAR
বাছ পৰিবহণ ব্যৱস্থা জীয়াই ৰাখিবলৈ চৰকাৰলৈ অহ্বান মালিক কৰ্তৃপক্ষৰ

শিৱসাগৰ, 26 আগষ্টঃ ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰতিৰোধমূলক নীতিৰ বাবে বিভিন্ন ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছে।স‌ংক্ৰমণৰ ভয়,সামাজিক দূৰত্ব, অধিক ব্যক্তিৰ সমাৱেশ,ৰাজহুৱা পৰিবহণ ব্যৱস্থাত নিষেধাজ্ঞা আদি নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণৰ লগতে বিগত দিনত বলৱৎ কৰা লক ডাউনে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ব্যাপক প্ৰভাৱ পেলালে । যাৰবাবে বেচৰকাৰী খণ্ডৰ ৰাজহুৱা পৰিবহণ খণ্ডত ব্যাপক লোকচানৰ সন্মুখীন হব লগাত পৰিছে ।

বাছ পৰিবহণ ব্যৱস্থা জীয়াই ৰাখিবলৈ চৰকাৰলৈ অহ্বান মালিক কৰ্তৃপক্ষৰ

যাৰ বাবে বুধবাৰে শিৱসাগৰ নগৰৰ ৰাজ্যিক পৰিবহণ নিগম চৌহদৰ কাৰ্যালয়ত উজনি অসম বাছ মালিক সন্থাই এক সংবাদ মেলৰ আয়োজন কৰি ব্যক্তিগত খণ্ডৰ সৈতে বাছৰ মালিক সকলে লাভ কৰা অসুবিধাৰ কথা উল্লেখ কৰি চৰকাৰক কেতবোৰ ৰেহাই প্ৰদান কৰিবলৈ আহবান জনায়। লক ডাউনৰ সময়ত চৰকাৰে বিত্তীয় প্ৰতিষ্ঠান সমূহক ঋণৰ কিস্তি গ্ৰহণ নকৰিবলৈ আহবান জনাইছিল যদিও বহু বিত্তীয় প্ৰতিষ্ঠানে কিস্তি কৰ্তন কৰাৰ পৰা বিৰত আছে যদিও কিস্তিৰ সুদ দুগুণ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে বাছ মালিক সন্থাই।

সেইদৰে গাড়ী সুষম ৰূপত চলাব পৰা নাই যদিও চৰকাৰী কৰ সমূহ কিন্তু নিয়মিত প্ৰদান কৰিবলৈ বাধ্য হৈছে বাছ মালিক সকলে।বিশেষকৈ ৰোড টেক্স প্ৰদানত বিশেষকৈ অপাৰগ হৈ পৰিছে বাছ মালিক সকল।ইঞ্চুৰেন্সৰ দিশত কোম্পানী সমূহে প্ৰিমিয়াম প্ৰদানৰ দিন ৰেহাই নিদিয়াৰ বাবে ঘাটি ব্যৱসায়ৰ মাজত এই সমূহ খৰছ বহন কৰিব লগা হৈছে।এই দিশ সমূহ বিবেচনা কৰি সন্থাই ৰোড টেক্স মাফ কৰা,ঋণৰ কিস্তিৰ সুদ কমাই লোৱা, প্ৰিমিয়াম প্ৰদানৰ বাবে ৰেহাই দিন ঘোষণা কৰা আদি বিষয় সমূহত চৰকাৰৰ তৰফৰ পৰা সহায়ৰ আহবান জনাইছে।

বৰ্তমানৰ পৰিস্থিতিত যাত্রী পৰিবহণৰ বাবে চৰকাৰে বান্ধি দিয়া নিয়ম সমূহ পালন কৰি এক অত্যাধিক খৰচৰ বোজা গ্ৰহণ কৰা বাছ মালিক সকলৰ এই আহবানত সঁহাৰি জনাবলৈ দাবী জনাইছে উজনি অসম বাছ মালিক সন্থাই।ইয়াৰ লগতে ডিজেলৰ মূল্যবৃদ্ধি আৰু বাছ ব্যৱসায়ৰ লগত জড়িত কৰ্মচাৰী সকলৰ পৰিয়াল চলাব লগা হোৱাত এই ব্যৱসায় চলাই নিয়া অসম্ভৱ হৈ পৰিছে।এনেস্থলত চৰকাৰে এই দিশ সমূহত গুৰুত্ব প্ৰদান কৰিবলৈ শিৱসাগৰ,যোৰহাট, শোণিতপুৰ আদি স্থানৰ পৰা আহি আজিৰ সংবাদ মেলত অংশ লোৱা বাছ মালিক সকলে আহ্বান জনাইছে ।

লগতে পঢ়ক- জনজাতিকৰণৰ দাবীত সৰৱ মটক ছাত্ৰ সন্থা

ABOUT THE AUTHOR

...view details