শিৱসাগৰ, 9 জুলাইঃ শিৱসাগৰৰ পৌৰসভাৰ অন্তৰ্গত থানামুখ ৭ নং ৱার্ডৰ কন্টেইনমেন্ট জ'নত অবৈধ সুৰা ব্যৱসায় কৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইতিমধ্যে জিলা উপায়ুক্তলৈ এখনি অভিযোগ পত্ৰ প্ৰেৰণ কৰে স্থানীয় লোক সকলে ৷
শিৱসাগৰ জিলাৰ পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱার্ডৰ শ্মশান পথ আৰু লক্ষীপ্ৰিয়া পথটো যোৱা জুন মাহৰ ২৮ তাৰিখৰ পৰা কন্টেইনমেন্ট জ'ন হিচাপে শিৱসাগৰ জিলা প্ৰশাসনে ঘোষণা কৰে । উক্ত কন্টেইনমেন্ট এলেকাটোৰ ৰাইজে প্ৰশাসনে ঘোষণা কৰা লক ডাউনৰ সকলো নীতি নিৰ্দেশনা মানি চলি আছে ৷ তাৰ বিপৰীতে বাচনি আহমেদ আৰু পাপু ৰহমান নামৰ ব্যক্তি দুজনে উক্ত অঞ্চলটো অবৈধ সুৰাৰ ব্যৱসাই চলাই থকাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক সকলে । আনহাতে সুৰা ব্যৱসায় বন্ধ কৰিবলৈ স্থানীয় ৰাইজে কেইবাবাৰো বাধা প্ৰদান কৰাৰ পাছতো ৰাইজক কোনো গুৰুত্ব নিদি সদৰ আৰক্ষী চকীৰ নিচেই কাষতে চলাইছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা । ফলত অতিষ্ঠ হৈ স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে উচিত ন্যায় বিচাৰি জিলা উপায়ুক্তলৈ এখন অভিযোগ পত্ৰও প্ৰৰণ কৰে ২ নং ৱার্ডৰ ৰাইজে ।