অসম

assam

ETV Bharat / city

Protest against NPS : নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ - ঠিকাভিত্তিক শিক্ষক

কেন্দ্ৰীয় চৰকাৰৰ নতুন পেঞ্চন নীতি(New pension system of Central Government) ত অসন্তুষ্ট এনপিএছৰ অধীনৰ কৰ্মচাৰী সন্থা ৷ নতুন পেঞ্চন ব্যৱস্থাই কৰ্মচাৰীসকলৰ ভবিষ্যত অন্ধকাৰ কৰি তোলাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷ পুৰণি পেঞ্চন নীতিৰ অধীনত পেঞ্চনৰ ব্যৱস্থা কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ এনপিএছ কৰ্মচাৰী সন্থাৰ ৷

protests-across-the-state-demanding-repeal-of-new-pension-policy
নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

By

Published : Dec 27, 2021, 10:50 PM IST

নিউজ ডেস্ক, 27 আগষ্ট :কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি(New Pension System) বাতিলৰ দাবীত সোমবাৰে ৰাজ্যজুৰি এই পেঞ্চন নীতিৰ অধীনস্থ কৰ্মচাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । লখিমপুৰ, ধেমাজি, শোণিতপুৰ, শিৱসাগৰ, বৰপেটা, ৰঙিয়া, হোজাই আৰু ধুবুৰী জিলাকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত এনপিএছ কৰ্মচাৰী সন্থাই (New Pension System employees protest) অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ধেমাজিত নতুন পেঞ্চন নীতি প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ

উল্লেখ্য যে, ভাৰত চৰকাৰে ২০০৫ চনত নতুন পেঞ্চন নীতি প্ৰৱৰ্তন কৰিছিল আৰু ইয়াৰ ফলত ইয়াৰ অধীনত অৱসৰপ্ৰাপ্ত শিক্ষক বা কৰ্মচাৰীয়ে নূন্যতম ৫৯৪ টকা পেঞ্চন লাভ কৰিছিল । কিন্তু ইয়াৰ অধীনত মন্ত্ৰী-বিধায়কে পাঁচ বছৰ পিছত সম্পূৰ্ণ পেঞ্চন লাভ কৰাৰ বিপৰীতে চৰকাৰী কৰ্মচাৰীয়ে ২০/২৫ বছৰ কাম কৰাৰ পিছত পেঞ্চন লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে ।

প্ৰতিবাদকাৰীসকলে নতুন পেঞ্চন নীতিৰ ব্যৱস্থাটোৱে চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত তথা বৃদ্ধাৱস্থাটো অন্ধকাৰাচ্ছন্ন তথা দুৰ্বিসহ কৰি তোলা বুলি অভিযোগ উত্থাপন কৰে । বিশেষকৈ শেহতীয়াকৈ অৱসৰ লোৱা কৰ্মচাৰীয়ে মাহেকত মাত্ৰ ৭০০/৮০০ টকাহে পেঞ্চন হিচাপে লাভ কৰিছে বুলি ঠায়ে ঠায়ে প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে । ফলস্বৰূপে অৱসৰ প্ৰাপ্ত প্ৰায় ছয় হেজাৰৰো অধিক কৰ্মচাৰীৰ অৱস্থা বৰ্তমান অতি শোচনীয় হৈ পৰিছে ।

হোজাইত নতুন পেঞ্চন নীতি প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ

অৱসৰপ্ৰাপ্ত এনপিএছ কৰ্মচাৰীসকলক চৰকাৰে ঘোষণা কৰা মৃত্যু তথা অৱসৰ গ্ৰেচুইটী(Death cum Retirement Gratuity) অতি শীঘ্ৰে প্ৰদান কৰাৰ লগতে নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত এনপিএছ কৰ্মচাৰী সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকে লগতে চৰকাৰে এই দাবীসমূহ শীঘ্ৰে মানি নল’লে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে ।

আনহাতে বাক্সা আৰু তেজপুৰত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নতুন পেঞ্চন নীতি প্ৰত্যাহাৰ কৰি পূৰ্বৰ পেঞ্চন ব্যৱস্থা বলৱৎ কৰা, ইতিমধ্যে নতুন পেঞ্চন নীতিৰ আধাৰত অৱসৰ গ্ৰহণ কৰা সকলো অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক মৃত্যু তথা অৱসৰ গ্ৰেচুইটী(Death cum Retirement Gratuity)ৰ দহ লাখ টকা আদায় দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

তেজপুৰত নতুন পেঞ্চন নীতি প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ

তেওঁলোকে লগতে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, নতুন শিক্ষানীতি ২০২০ ত থকা শিক্ষকৰ স্বাৰ্থহানিকৰ নীতি পৰিহাৰ কৰা, চুক্তি অনুসৰি ঠিকাভিত্তিক শিক্ষকৰ প্ৰাপ্য মৰগীয়া বানচ মোকলাই দিয়া, আৰ্জিত চুটি বছৰি ১০ দিনৰ পৰিবৰ্তে ৩০ দিনলৈ বৃদ্ধি কৰা আদি বিভিন্ন দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক :Protest against NPS : নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে নগাঁৱত কৰ্মচাৰীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details