শিৱসাগৰ, 21 মে': ‘‘ভাৰত চৰকাৰৰ হেঁচাত পৰি অ’এনজিচি কৰ্তৃপক্ষই গেলেকী তৈলক্ষেত্ৰখন ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ গেলেকীত এতিয়াও প্ৰচুৰ তেলৰ ভাণ্ডাৰ আছে ৷ তৈলক্ষেত্ৰখনত বহু বছৰলৈ তেল উৎপাদন কৰিব পৰাকৈ প্ৰচুৰ তেল মজুত আছে ৷ অসম সম্পদৰ আটাইতকৈ লাভজনক তথা উৎপাদনশীল যিখন তৈলক্ষেত্ৰ সেইখনেই যদি ব্যক্তিগত খণ্ডক গতাই দিয়ে অসমৰ সম্পদৰ প্ৰায় 50/60 শতাংশ কামকাজ সংকুচিত হৈ আহিব আৰু ইয়াৰ পৰিণতিত লাহে লাহে অসমত অ’এনজিচি বন্ধ হৈ পৰিব ৷’’ মংগলবাৰে শিৱসাগৰত অ’এনজিচিৰ গেলেকী তৈলক্ষেত্ৰখন ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ বিৰুদ্ধে পূৰ্বাঞ্চল এমপ্ল’ইজ এছচিয়েচনৰ সদস্যসকলে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত এই মন্তব্য কৰে পূৰ্বাঞ্চল এমপ্ল’ইজ এছচিয়েচনৰ সভাপতি সঞ্জীৱ বৰুৱাই ৷
‘‘ৰাজ্যৰ অন্য ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ দৰে অ’এনজিচিও এতিয়া ধ্বংসৰ দিশে’’ - ONGC
অ’এনজিচিৰ গেলেকী তৈলক্ষেত্ৰখন বিদেশী কোম্পানীৰ হাতলৈ হস্তান্তৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল পূৰ্বাঞ্চল এমপ্ল’ইজ এছচিয়েচনৰ সদস্যসকল ৷ প্ৰচুৰ তেলৰ ভাণ্ডাৰ মজুত থকা তৈলক্ষেত্ৰ খন কোম্পানীৰ নামত হস্তান্তৰ কৰিলে অসমৰ পৰা অ’এনজিচিৰ অস্তিত্ব নাইকিয়া হৈ পৰিব বুলি দাবী প্ৰতিবাদকাৰীৰ ৷
তেওঁ লগতে কয় যে, সাম্প্ৰতিক সময়ত অসমৰ ৰাজহুৱা খণ্ডৰ আন আন প্ৰতিষ্ঠানসমূহৰ দৰে অসমত অ’এনজিচিয়ো ধ্বংসৰ মুখলৈ গতি কৰিছে ৷ সেয়ে হ’লে শিৱসাগৰ জিলাখনৰ লগতে সমগ্ৰ অসমৰ আৰ্থ সামাজিক ব্যৱস্থাত যথেষ্ট বিৰূপ প্ৰভাৱ পৰিব ৷
উৎপাদনী ব্যয় তথা লোকচানৰ অজুহাতত বিজেপি নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰালয়ে অতি সংগোপনে তৈলক্ষেত্ৰক বিদেশী কোম্পানীক গটাই দিয়াৰ সিদ্ধান্তৰ বিৰোধিতাৰে বিগত সময়চোৱাও সংগঠনে নানা ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ উল্লেখ্য যে, ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ কিন্তু কোনো কাৰণতে গেলেকী তৈলক্ষেত্ৰ বাহিৰাগত কোম্পানীক গতাই দিয়া নহ’ব বুলি দাবী কৰে পূৰ্বাঞ্চল এমপ্ল’ইজ এছচিয়েচনে ৷