অসম

assam

ETV Bharat / city

ভিন্ন দাবীক লৈ মটক ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ - সদৌ অসম মটক ছাত্ৰ সন্থা

বহু কেইটা দাবী লৈ মানৱ শৃংখল কার্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত সদৌ অসম মটক ছাত্ৰ সন্থাটোৰ ৷ শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ ৷

বিভিন্ন দাবীক লৈ মটক ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ
বিভিন্ন দাবীক লৈ মটক ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ

By

Published : Jul 17, 2020, 7:21 PM IST

শিৱসাগৰ, 17 জুলাই: শুকুৰবাৰে শিৱসাগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উত্তাল প্ৰতিবাদ সদৌ অসম মটক ছাত্ৰ সন্থাৰ ৷ এক মানৱ শৃংখল কার্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত সদৌ অসম মটক ছাত্ৰ সন্থাটোৰ ৷

মটক জনগোষ্ঠীক জনজাতিকৰণ,স্বায়ত্ব শাসন প্ৰদান, বানৰ স্থায়ী সমাধান,নতুনকৈ প্ৰৱর্তন কৰা ভূমি নীতি আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী ইত্যাদিক মূল বিষয় হিচাপে লৈ মানৱ শৃংখল কার্যসূচী ৰূপায়ণ কৰি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ।

ভিন্ন দাবীক লৈ মটক ছাত্ৰ সন্মিলনীৰ প্ৰতিবাদ

আনহাতে এই সমস্যা আৰু দাবী সমূহক লৈ চৰকাৰে শীঘ্ৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত আৰু ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলাৰে ভাবুকি প্ৰদান কৰে মটক ছাত্ৰ সন্মিলনে ।

সামাজিক দূৰত্ব বজায় ৰাখি প্ৰতিবাদ সাব্যস্ত কৰা মটক যুৱ ছাত্ৰ সন্মিলনৰ সদস্য সকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দমন নীতিৰ তীব্ৰ বিৰোধিতা কৰি গণতন্ত্ৰক ৰক্ষা কৰি চলাৰ বাবে দমনমূলক নীতি সমূহ পৰিহাৰ কৰিবলৈ আহ্বান জনায় ।

লগতে চাওক-সাৱধান ! শিশুৰ খাদ্যৰ নামত বৰবিহ

ABOUT THE AUTHOR

...view details