অসম

assam

By

Published : Feb 19, 2021, 3:11 PM IST

ETV Bharat / city

শিৱসাগৰত একাধিক সংগঠনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

শিৱসাগৰত খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

protest-in-sivasagar
শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

শিৱসাগৰ, 19 ফেব্ৰুৱাৰী :শিৱসাগৰত শুকুৰবাৰে খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আৰু শিৱসাগৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যর্থ বুলি তীব্ৰভাবে সমালোচনা কৰে প্রতিবাদকাৰী সকলে ৷

আনহাতে, সমান্তৰাল ভাৱে আজি শিৱসাগৰত পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে চিপিআই শিৱসাগৰ জিলা পৰিষদে । শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

পেট্ৰল-ডিজেলকে ধৰি জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ নাগৰিকক জুৰুলা কৰিছে বুলি মত পোষণ কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰীয়ে মন্তব্য কৰে যে, "চব কা চাথ চব কা বিকাশ শ্ল'গান দিয়া গেৰুৱা চৰকাৰৰ দিনত মূল্যবৃদ্ধি হোৱা বাবে সকলোৱে সংকটত পৰিছে । চৰকাৰৰ অসাধু ব্যৱসায়ৰ প্ৰতি থকা প্ৰীতিৰ বিৰোধিতা কৰাৰ লগতে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ আদানী-আম্বানীক হস্তান্তৰ কৰাৰ বিৰোধিতা কৰে আৰু অতি শীঘ্ৰে কৃষক বিৰোধী তিনিখন আইন বাতিলৰ দাবী কৰে ৷

লগতে পঢ়ক :বিটিচিত 17 বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিল: প্ৰমোদ বড়ো

For All Latest Updates

ABOUT THE AUTHOR

...view details