শিৱসাগৰ, 18 ফেব্ৰুৱাৰী : শিৱসাগৰৰ ভিন্ন স্থানত অব্যাহত আছে অবৈধ খনন । শেহতীয়াকৈ শিৱসাগৰৰ লংচাই বিলখনত দুষ্ট চক্ৰই দীৰ্ঘদিনৰ পৰা চলাই আহিছে অবৈধ খনন (Illegal mining of historic Longsai Bil) ৷ যাৰ ফলত স্থানীয় লোকৰ জীৱিকাৰ একমাত্ৰ সম্বল এই বিলখনত হৈ থকা অবৈধ খননৰ বিৰুদ্ধে অঞ্চলটোৰ লোকসকলে ডেকা বৰবৰুৱা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
ঘটনা অনুসৰি, শিৱসাগৰৰ লংচাই বিলখনত অঞ্চলটোৰ স্থানীয় নিৱনুৱাসকলে মাছ-পুঠি ধৰি জীৱিকা মুকলাই আহিছে । কিন্তু বিগত কিছুদিনৰ পৰা ৰত্নেশ্বৰ টায়ে নামৰ এজন লোকে অবৈধ ভাৱে বিলখনৰ খনন কৰি ফিচাৰি সজাৰ ফলত সম্প্ৰতি নিবনুৱা যুৱকসকলৰ জীৱিকাৰ প্ৰতি ভাবুকি নামি আহিছে । ইতিমধ্যে শিৱসাগৰ জিলা প্ৰশাসনক এই সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰা হৈছে যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ৰাইজ ক্ষোভিত হৈ পৰিছে ৷