অসম

assam

ETV Bharat / city

নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত প্ৰতিবাদ

ভাৰত চৰকাৰ কেন্দ্ৰীয় শাসন ব্যৱস্থাত অসম উপেক্ষিত হোৱাৰ অভিযোগ উত্থাপন কৰে জাতীয় সংগঠন কেইটাই ৷

নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত প্ৰতিবাদ

By

Published : Aug 20, 2020, 1:09 AM IST

আমগুৰি, ১৯ আগষ্ট:নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবী আৰু কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে ইআইএ ড্ৰাফ্ট ২০২০ গৃহীত কৰিবলৈ বিচৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আমগুৰিত প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আছু, আহোম সেনাৰ সহযোগত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনকেইটাই ৷

ভাৰত চৰকাৰ কেন্দ্ৰীয় শাসন ব্যৱস্থাত অসম উপেক্ষিত হোৱাৰ অভিযোগ উত্থাপন কৰে জাতীয় সংগঠন কেইটাই ৷ অসম চৰকাৰ হায় হায়,জাতিদ্ৰোহী গ' বেক,দিল্লী দিছপুৰ হুছিয়াৰ,নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক শ্ল'গানেৰে জাতীয় সংগঠনকেইটাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত প্ৰতিবাদ

লগতে পঢ়কঃজম্মু-কাশ্মীৰৰ পৰা 10,000 অৰ্ধসামৰিক জোৱান আঁতৰাই আনিবলৈ নিৰ্দেশ কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details