নিউজ ডেস্ক, 18 অক্টোবৰ : ‘‘তুলসীৰ তলে তলে মৃগ পহু চৰে, তাক দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে’’ ৷ আজি অসমীয়াৰ প্ৰাণৰ উৎসৱ কাতি বিহু(Kati Bihu) ৷ অসমবাসীৰ বাপতি সাহোন কাতি বিহু উদযাপনৰ প্ৰস্তুতিত ব্যস্ত ৰাজ্যবাসী ৷
কৰ’ণাতংক, খৰাং বতৰ তথা মূল্যবৃদ্ধি(Price Hike)য়ে জৰ্জৰিত কৰা অসমীয়া চহা সমাজে সকলো বাধা নেওচি উদযাপন কৰিব হেঁপাহৰ বিহুটি ৷ আহিনৰ শেষ দিনটো আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে অসমীয়া সমাজে । এই বিহুটিৰ সৈতে সাঙোৰ খাই আছে অসমীয়াৰ জাতীয় কৃষ্টি-সংস্কৃতি ।
নিজ নিজ ঘৰৰ চোতালত মাটিৰে তুলসীৰ ভেঁটি নিৰ্মাণ কৰিছে কণ কণ শিশুকে ধৰি বয়োজ্যেষ্ঠসকলে । তুলসী ভেঁটিৰ তলতে সন্ধিয়া চাকি-বন্তি জ্বলাই নাম-প্ৰসংগ কৰি ভগৱন্তৰ চৰণত সেৱা আগবঢ়াব সকলোৱে । তুলসীৰ তলত জ্বলোৱা এই চাকিৰ পোহৰে যেন নিঃশেষ কৰিব সমাজৰ অসূয়া-অমংগল । এই বিশ্বাস অসমীয়া ৰাইজৰ ৷
সেউজীয়া হৈ পৰা ধাননি পথাৰত চাকি জ্বলাই পোক-পতংগৰ পৰা পৰিত্ৰাণ বিচাৰি কঙালীৰ গৰ্ভত ভোগালীৰ বীজ উৎপত্তি হ’বলৈ প্ৰাৰ্থনা জনাব চহা কৃষকসকলে । কৰ’ণা( Corona) ভাইৰাছে বিগত দুটাকৈ বছৰত যি ভয়াৱহ ৰূপ ল‘লে, সেয়া তুলসীৰ তলত জ্বলোৱা চাকিৰ পোহৰে নাইকিয়া কৰক বুলি সকলোৰে আশা ৷