শিৱসাগৰ, 17 নৱেম্বৰ :শিৱসাগৰত আৰক্ষী জোৱানৰ গাড়ীৰ খুন্দাত নৱজ্যোতি ফুকন নামৰ যুৱকজনৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে উত্তপ্ত হৈ পৰে শিৱসাগৰ সদৰ থানা ৷ যুৱকজনৰ মৃত্যুৰ উচিত তদন্তৰ লগতে দোষী আৰক্ষী জোৱানজনক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত শিৱসাগৰ সদৰ থানাৰ চৌহদত যুৱকৰ মৃতদেহ লৈ উত্তাল পৰিবেশৰ সৃষ্টি কৰে মৃতকৰ আত্মীয়ৰ লগতে স্থানীয় লোকে ৷ আনকি আৰক্ষীৰ বাহনতো আক্ৰমণ কৰে উত্তপ্ত জনতাই ।
উল্লেখ্য যে, মঙলবাৰে নিশা AS 01-BD -5730 নম্বৰৰ তীব্ৰবেগী মাৰুতি ৱেগনাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল ২ নং মঠাদাং গাঁৱৰ নিবাসী নৱজ্যোতি ফুকন(২০) নামৰ এজন যুৱকৰ । নৱজ্যোতি ফুকনে AS 04-T-1765 নম্বৰৰ মটৰ চাইকেলখন লৈ পথৰ দাঁতিত ৰৈ থকা অৱস্থাত পাছৰ ফালৰ পৰা সুৰাৰ ৰাগীত মাতাল আৰক্ষীৰ জোৱান প্ৰদীপ দাসে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে ৷ আহত নৱজ্যোতি ফুকনক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিল যদিও বুধবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱকজনৰ ৷