নিউজ ডেস্ক, 10 ডিচেম্বৰ: অৱশেষত আৰক্ষীয়ে মুকলি কৰিলে কেব বিৰোধী, বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক । বিভিন্ন দল সংগঠন আৰু ১০ হাজাৰৰো অধিক লোকে শিৱসাগৰ থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাচত শৃংখল চলিহাক মুকলি কৰি দিয়ে শিৱসাগৰ আৰক্ষীয়ে । শিৱসাগৰৰ দুই সাংবাদিক শশাংক গগৈ আৰু আছিফ আলিক ক্ষমা খুজিলে আৰক্ষী বিষয়া বলীন দেউৰী আৰু জ্যোতি ৰঞ্জন নাথে । উল্লেখ্য যে, শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা বাতৰি সংগ্ৰহ কৰিবলে যাওঁতে আৰক্ষীয়ে প্ৰহাৰ কৰিছিল সাংবাদিকদ্বয়ক ৷ আনহাতে শৃংখল চলিহাৰ মুক্তিৰ দাবীত বীৰ লাচিত সেনাই বুধবাৰে শিৱসাগৰ বন্ধৰ ঘোষণা কৰিছিল যদিও সংগঠনটোৱে প্ৰত্যাহাৰ কৰে এই বন্ধ ৷
আৰক্ষীয়ে মুকলি কৰিলে শৃংখল চলিহাক: মাজুলীত ভংগ ১৪৪ ধাৰা - আৰক্ষীয়ে মুকলি কৰিলে শৃংখল চলিহাক
উল্লেখ্য যে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা বাতৰি সংগ্ৰহ কৰিবলে যাওঁতে আৰক্ষীয়ে প্ৰহাৰ কৰিছিল সাংবাদিকদ্বয়ক ৷ আনহাতে শৃংখল চলিহাৰ মুক্তিৰ দাবীত বীৰ লাচিত সেনাই বুধবাৰে শিৱসাগৰ বন্ধৰ ঘোষণা কৰিছিল যদিও সংগঠনটোৱে প্ৰত্যাহাৰ কৰে এই বন্ধ ৷
মুকলি কৰিলে শৃংখল চলিহাক
আনহাতে ১৪৪ ধাৰা ভাঙি মাজুলীৰ গঞাই জোৰ সমদলেৰে কপালে মুখ্যমন্ত্ৰী সমষ্টি । শ শ লোক ওলাই আহি কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । মুখ্যমন্ত্ৰী সমষ্টি মাজুলীত অব্যাহত আছে প্ৰতিবাদ ৷ মাজুলীৰ প্ৰতি চুবুৰীত চলিছে কেব বিৰোধী আন্দোলন ৷ মঙলবাৰে মাজুলীৰ বালি চাপৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰী আৰু হিমন্তৰ পুত্তলিকা দাহ কৰে ।