আমগুৰি, 16 নৱেম্বৰ :কৈ থাকিলে ওৰ নপৰে অসম দেশৰ কথা ৷ কি নঘটে এইখন অসমত ৷ ভাল-বেয়া বিভিন্ন ঘটনাই নিতৌ দখল কৰি আহিছে সংবাদ শিৰোনাম ৷ অসমত পৰোপকাৰীৰো আকাল নাই, ঠগ-প্ৰৱঞ্চকৰো আকাল নাই ৷ কোনোৱে যদি আনক সহায় কৰি সুখ বুটলিছে, আন এচাপে আকৌ পদে পদে চেগ বিচাৰি ফুৰিছে আনক মাৰি ধন ঘটাৰ ৷ তেনে এক ঘটনাই এইবাৰ সংঘটিত হ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাত ৷
অন্ধবিশ্বাসৰ সুবিধা লৈ শিৱসাগৰ জিলাৰ গৌৰীসাগৰত এটা প্ৰৱঞ্চক চক্ৰই মহিলাৰ পৰা লুটিলে 26 লাখ টকা ৷ বেজালিৰে বেমাৰ আৰু বিঘিনি নাশৰ প্ৰতিশ্ৰুতি দি লুটি নিলে ধনখিনি ৷ ধন লুটকাৰী প্ৰৱঞ্চক আকৌ নিজে বেজ নহয়, বেজৰ এজেন্টহে ৷ এজেন্টৰ মুখত আলফা নেতা আৰু বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈৰ পুত্ৰৰ নাম ৷
ঘটনা অনুসৰি, পিংকী দাস আৰু চন্দন দাস নাম এহাল স্বামী-স্ত্ৰীয়ে আৰৱৰ বেজৰ নাম লৈ প্ৰৱঞ্চনাৰ জাল পেলাইছিল গৌৰীসাগৰত ৷ ৰীণামণি বৰা নামৰ মহিলাগৰাকীৰ ঘৰুৱা অশান্তি তথা শাৰীৰিক অসুস্থতা দূৰ কৰাৰ বাবে বেজৰ পৰা সমিধান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল এই দাস দম্পতীয়ে ৷ যাৰ বাবে মহিলা গৰাকীৰ পৰা বিচাৰিছিল মোটা অংকৰ ধন ৷ মহিলাগৰাকীয়েও তেওঁলোকৰ কথাত ভোল গৈ ধন দিছিল পিংকী দাসক ৷ প্ৰথমে 500- 1000 আৰু তাৰ পাচত এই পৰিমাণ হৈছিল গৈ 50- 60 হাজাৰ ৷
লগতে পঢ়ক :Traffic Rule in Guwahati: দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট