শিৱসাগৰ, 7 অক্টোবৰ:শুকুৰবাৰে পুৱতি নিশা শিৱসাগৰ নগৰৰ মাজ-মজিয়াৰ বনীয়াবাৰী চাৰি আলিৰ পৰা আৰক্ষীয়ে জব্দ কৰে 4 খন গৰু ভৰ্তি বলেৰ’ পিকআপ বাহন (Cattle seized by Sivasagar police) ৷ চিলা পথাৰৰ পৰা শিৱসাগৰ হৈ নাগালেণ্ডলৈ যোৱাৰ সময়তেই আৰক্ষীৰ অভিযানত জব্দ হয় গৰু ভৰ্তি বাহন কেইখন (Cattle seized in Sivasagar) ৷ সম্প্ৰতি এই ঘটনাকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে শিৱসাগৰ আৰক্ষী থানাত উপস্থিত হৈ পিপুল ফৰ এনিমেলৰ (Volunteers of the People For Animals) সদস্যৰ লগতে জিলা পশুপালন বিভাগৰ কৰ্মচাৰীসকল জব্দকৃত গৰুকেইটাৰ শুশ্ৰূষাত ব্যস্ত হৈ পৰে (PFA volunteers save cattle) ৷ লগতে শিৱসাগৰ পশুপালন বিভাগে উদ্ধাৰ কৰা গৰুকেইটাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত পশু চিনাক্তকৰণ টেগ প্ৰদান কৰি যোৰহাটৰ গোশালালৈ প্ৰেৰণ কৰা হয় (PFA volunteers busy taking care of Cattle) ।