অসম

assam

ETV Bharat / city

শতকৰ চোৱাৰ দিশে পেট্ৰ’ল-ডিজেলৰ মূল্য - petrol price in assam

পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেল (Petrol-diesel)ৰ মূল্য ৷ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্ব সাধাৰণ ৰাইজক ৷

Petrol- diesel Price rise has made Impact the common people
প্ৰায় শতকৰ ঘৰ পালেগৈ পেট্ৰল-জিজেলৰ মূল্য

By

Published : Jul 5, 2021, 6:34 PM IST

শিৱসাগৰ, 5 জুলাই : ক'ভিড সৃষ্ট ভয়ংকৰ পৰিৱেশৰ মাজতেই ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য ৷ ঠিক একেদৰে পেট্ৰ'ল(Petrol) আৰু ডিজেল (Diesel)ৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে বিমোৰত পেলাইছে এতিয়া সৰ্বসাধাৰণ ৰাইজক । এফালে লকডাউনত জুৰুলা হৈছে আৰ্থিক অৱস্থা আনফালে পেট্ৰ'লিয়াম সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অধিক মূল্যবৃদ্ধিয়ে কোঙা কৰি তুলিছে সৰ্ব সাধাৰণ ৰাইজক । আংশিক ডাউনৰ মাজতে ৰাজ্যত প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি হ'বলৈ ধৰা পেট্ৰল-ডিজেল ইন্ধনৰ মূল্যবৃদ্ধিয়ে চকু কপালত তুলিছে ৰাইজৰ ।

শেহতীয়াভাৱে শিৱসাগৰ জিলাতো প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 96.71 টকা আৰু ডিজেলৰ মূল্য 89.68 টকালৈ বৃদ্ধি হৈছে ৷ দিনক দিনে অত্যাৱশ্যকীয় সামগ্ৰী আৰু পনীয়া সোণৰ মূল্য বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক। অতি শীঘ্ৰে চৰকাৰক পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ বাবে আহ্বান জনাইছে গ্ৰাহক সকলে ৷ সমগ্ৰ ৰাজ্যখনত চৰকাৰে জাৰি কৰা আংশিক ল'ক ডাউনৰ বাবে স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷

প্ৰায় শতকৰ ঘৰ পালেগৈ পেট্ৰল-জিজেলৰ মূল্য

কিছু সংখ্যক লোকে সৰু বৰ বাহন চলায়েই নিজৰ লগতে পৰিয়াল পোহ পাল দি আহিছিল ৷ লকডাউনৰ বাবে সেয়াও বন্ধ হোৱাত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ ইফালে মিঠাতেল, ডাইল, চেনী-চাহপাতকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰো দৈনিক মূল্য বৃদ্ধি হৈ থকাত এতিয়া বিপাঙত পৰিবলগীয়া হৈছে সাধাৰণ ৰাইজ ৷

অসমত বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছে 95.63 টকা, আৰু ডিজেলৰ মূল্য হৈছে 88.68 টকা ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলত খাৰুৱা তেলৰ মূল্য নিম্ন হৈ থকাৰ সময়ত ভাৰতত ইন্ধনজাত সামগ্ৰীৰ চৰা দামৰ অন্তৰালৰ ৰহস্য কি সেই বিষয়ক লৈ প্ৰশ্নৰ উত্থাপন হৈছে । ভাৰতৰ মুম্বাই, চেন্নাইকে ধৰি বহু কেইখন চহৰত শতকৰ ঘৰ ইতিমধ্যেই অতিক্ৰম কৰিছে পেট্ৰ’পণ্যৰ মূল্যই ৷

লগতে পঢ়ক : অইলৰ কৰ্মচাৰীৰ বিপণীত ওলাল বিলাতী সুৰা

ABOUT THE AUTHOR

...view details