নাজিৰা, ১৯মেঃ শিৱসাগৰ জিলাৰ নাজিৰাত প্ৰৱেশ নিষিদ্ধ কৰিছে চাফাই কৰ্মীৰ । ONGC কৰ্তৃপক্ষই আবাসীক এলেকাত প্ৰবেশ নিষিদ্ধ কৰিছে চাফাই কৰ্মীৰ ।
নাজিৰাত প্ৰবেশ নিষিদ্ধ চাফাই কৰ্মীৰ ! - ONGC
নাজিৰাত ONGC কৰ্তৃপক্ষই আবাসীক এলেকাত প্ৰবেশ নিষিদ্ধ কৰিছে চাফাই কৰ্মীৰ । উক্ত ঘটনাত ক্ষুব্ধ হৈ ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে ইতিমধ্যে সামাজিক দুৰত্ব বৰ্তাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে চাফাই কৰ্মী সকলে ৷
দেশত চলি থকা চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ মাজতে নাজিৰাত ONGC কৰ্তৃপক্ষই আবাসীক এলেকাত প্ৰবেশ নিষিদ্ধ কৰিছে চাফাই কৰ্মীৰ । মহিলা চাফাই কৰ্মী সকলক নাজিৰা অ'এনজিচি কলনিত প্ৰৱেশৰ বাধা দিছে অ'এনজিচি কাৰ্যবাহী সঞ্চালকে । নাজিৰাৰ ONGC আবাসিক এলেকাৰ ভিতৰত থকা বাসগৃহত থাকে অ'এনজিচিৰ উদ্ধৰ্তম কৰ্তৃপক্ষ, বিষয়াসকলৰ লগতে আন আন কৰ্মচাৰী সকল। আৰু এই আবাসীক এলেকাৰ আবাসী সকলৰ ঘৰত কাম কৰিয়ে শতাধিক মহিলা চাফাই কৰ্মীয়ে পোহপাল দিছে নিজৰ পৰিয়ালক। কিন্তু ক'ৰণা ভাইৰাছ মহামাৰীৰ পৰা দেশবাসীক বচাবলৈ দেশৰ লকডাউন বাবে এইসকল মহিলা চাফাই কৰ্মী নাজিৰা ONGC আবাসীক এলেকাত প্ৰৱেশত বাধা আৰোপ কৰাত এতিয়া বিপদত পৰিছে এই সকল মহিলা শ্ৰমিকে ৷ শ্ৰমিক সকলৰ বাবে সম্পূৰ্ণ সামাজিক ব্যৱধান , চেনিট্ৰাইজাৰ ব্যৱস্থা কৰাৰ বিপৰীতে ONGC কৰ্তৃপক্ষই এই সকল চাফাই কৰ্মী মহিলাক কামত বাধা আৰোপ কৰাত ক্ষুব্ধ হৈ পৰে ৷ উক্ত ঘটনাত ক্ষুব্ধ হৈ বাবে সম্পূৰ্ণ সামাজিক দুৰত্ব বৰ্তাই ৰাখি কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে অতি শীঘ্ৰে ONGC কৰ্তৃপক্ষৰ অনুজ্ঞাপত্ৰ থকা এই সকল মহিলা চাফাই কৰ্মীক পুনৰ আবাসীক এলেকাত প্ৰৱেশ কৰাৰ অনুমতি দিয়াৰ লগতে কামত যোগদান কৰোৱাৰ দাবীত অসম মুখ্য কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷