আমগুৰি, 9 নৱেম্বৰঃ মাৰাত্মক ডেংগু ৰোগত আক্ৰান্ত হৈ বহিঃৰাজ্যত মৃত্যুক সাৱতি লয় ৰাজ্যৰ এগৰাকী যুৱকে ৷ মহাৰাষ্ট্ৰৰ পুনেৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত শিৱসাগৰৰ যুৱক ৰিংকু শইকীয়াৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷
ডেংগুত আক্ৰান্ত হৈ পুনেত মৃত্যু শিৱসাগৰৰ যুৱকৰ - Rinku Saikia dead news
মাৰাত্মক ডেংগু ৰোগত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰৰ পুনেত মৃত্যুক সাৱতি লয় শিৱসাগৰৰ এগৰাকী যুৱকে ৷ পুনেৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত শিৱসাগৰৰ যুৱকগৰাকী ৰিংকু শইকীয়া বুলি জানিব পৰা গৈছে ৷
ডেংগুত আক্ৰান্ত হৈ মৃত্যু শিৱসাগৰৰ ৰিংকুৰ
লগতে পঢ়কঃ এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি
শিৱসাগৰ জিলাৰ জাঁজী তামুলীছিগাৰ বাসিন্দা ৰিংকু শইকীয়াই পুনেৰ এমএছএফ নামৰ প্ৰতিষ্ঠানটোত এগৰাকী সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত আছিল ৷ শুকুৰবাৰে পুৱতি নিশা পুনেৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক সাৱতি লয় ৰিংকুই ৷ জাঁজী তামুলীছিগা বাম চাৰিঙিয়া গাঁৱৰ ললিত শইকীয়াৰ পুত্ৰ আছিল ৰিংকু ৷ ইতিমধ্যে ৰিংকুৰ মৃতদেহ জন্মস্থলীলৈ আনিবলৈ পৰিয়ালৰ লোক পুনে অভিমুখে ৰাওনা হৈছে ৷ সৰবৰহী যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ৷