অসম

assam

ETV Bharat / city

শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দীৰ মৃত্যু: হত্যাৰ অভিযোগ পৰিয়ালৰ - শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দীৰ মৃত্যু: হত্যাৰ অভিযোগ পৰিয়ালৰ

শিৱসাগৰ জিলা কাৰাগাৰত এজন কাৰাবন্দীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ ৷ কয়দীজনৰ ভাতৃয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দীৰ মৃত্যু

By

Published : Oct 29, 2019, 12:46 PM IST

শিৱসাগৰ, 29 অক্টোবৰ : শিৱসাগৰ জিলা কাৰাগাৰত যোৱা 26 অক্টোবৰত ফাকুম নকটানি গাঁৱৰ ৰিজু বুঢ়াগোহাঁই নামৰ কাৰাবন্দীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ ৷ চুৰিৰ অভিযোগত অভিযুক্ত ৰিজু বুঢ়াগোহাঁই নামৰ কাৰাবন্দী জন যোৱা 28 আগষ্টত ৮১২/১৯ নম্বৰ গোচৰৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল ৷ ভাতৃ বিজু বুঢ়াগোহাঁইয়ে ৰিজুৰ মৃত্যু সন্দৰ্ভত দাখিল কৰা এক এজাহাৰৰ ফলত সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তলৈ আহিছে ৷ ৰিজুৰ ভাতৃয়ে এই মৃত্যু স্বাভাৱিক নহয় বুলি অভিযোগ তুলি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি এজাহাৰত উল্লেখ কৰিছে ৷ লগতে এই ঘটনাৰ সৈতে জুলি শইকীয়া নামৰ এগৰাকী মহিলা আৰু শিৱসাগৰ সদৰ থানাৰ উপ পৰিদৰ্শক নৱ দাস তথা শিৱসাগৰ জিলা কাৰাগাৰৰ অধীক্ষক জড়িত আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজুয়ে ৷

কাৰাবন্দীৰ মৃত্যু

সদৰ থানাত অভিযোগ দাখিল কৰি বিজু বুঢ়াগোহাঁইয়ে কয় যে, জুলি শইকীয়া নামৰ মহিলাগৰাকীৰ প্ৰৰোচনাত উপ পৰিদৰ্শক নৱ দাসে তেওঁৰ ভাতৃক মানসিক নিৰ্যাতন চলোৱাৰ লগতে ভয়-ভাবুকি প্ৰদান কৰিছিল। কাৰাগাৰৰ ভিতৰৰ একাংশ কাৰাবন্দীৰ হতুৱাই এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰিজু বৰগোঁহাইৰ পৰিয়ালে। ৰিজু বুঢ়াগোহাঁইক প্ৰাণে মৰাৰ চেষ্টা কৰা সন্দৰ্ভত যোৱা ২৩ অক্টোবৰত আদালতত দণ্ডাধীশৰ আগত ভাষ্যও প্ৰদান কৰা হৈছিল । আনহাতে,শিৱসাগৰ জিলা কাৰাগাৰ কৰ্তৃপক্ষই কাৰাবন্দীজন হৃদৰোগত আক্ৰান্ত হোৱা বুলি মন্তব্য কৰে ৷

শিৱসাগৰ জিলা কাৰাগাৰত কয়দীৰ মৃত্যুক লৈ বিতৰ্ক

ABOUT THE AUTHOR

...view details