অসম

assam

By

Published : Mar 9, 2021, 5:23 PM IST

ETV Bharat / city

ৰণজিৎ দাসৰ সৈতে মনোনয়ন দাখিল সুৰভী ৰাজকুমাৰীৰ

108 নং শিৱসাগৰ সমষ্টিৰ বাবে আজি মনোনয়ন দাখিল কৰিলে বিজেপি দলৰ প্ৰাৰ্থী সুৰভী ৰাজকুমাৰীয়ে ৷ মনোনয়নৰ সময়ত ৰাজকুমাৰীৰ সৈতে উপস্থিত থাকে ৰণজিৎ দাস আৰু তপন গগৈ ৷

ৰঞ্জিত দাসৰ সৈতে মনোনয়ন দাখিল সুৰভী ৰাজকুমাৰীৰ
ৰঞ্জিত দাসৰ সৈতে মনোনয়ন দাখিল সুৰভী ৰাজকুমাৰীৰ

শিৱসাগৰ,9 মাৰ্চ :প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনত 108 নং শিৱসাগৰ সমষ্টিৰ বাবে মঙলবাৰে মনোনয়ন দাখিল কৰিলে বিজেপি দলৰ প্ৰাৰ্থী সুৰভী ৰাজকুমাৰীয়ে ৷ শিৱসাগৰ নগৰৰ কালীপ্ৰসাদ স্মৃতি ভৱন প্ৰাংগণৰ পৰা সহস্ৰাধিক সমৰ্থকৰ সৈতে ৰেলীৰে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় বিজেপিৰ প্ৰাৰ্থী গৰাকী ৷ আজি মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীগৰাকীক স‌ংগ দিয়ে বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে ৷

সুৰভী ৰাজকুমাৰীক সংগ প্ৰদান কৰি ৰণজিৎ দাসে কয় যে, কংগ্ৰেছ দলৰ নিকৃষ্ট ৰাজনীতিৰ বাবে এইবাৰ শিৱসাগৰ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী নিশ্চিতভাৱে জয়লাভ কৰিব ৷ আনহাতে, অবিভক্ত শিৱসাগৰ জিলাৰ ছয় সমষ্টিৰ ভিতৰত পাঁচ সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ আধিপত্য থকাৰ পাছতো বিজেপি দলে এজনো চাহ জনগোষ্ঠীয় ভোটাৰক টিকট প্ৰদান নকৰাক লৈ সোধা প্ৰশ্ন এৰাই চলে সভাপতি গৰাকীয়ে ৷ তেওঁ কয়, বিজেপি চৰকাৰে চাহ জনগোষ্ঠীয় লোকৰ বাবে সৰ্বাংগীণ উন্নয়ন কৰি আহিছে ৷ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত এই বিষয় বিবেচনা নহয় ৷

ৰঞ্জিত দাসৰ সৈতে মনোনয়ন দাখিল সুৰভী ৰাজকুমাৰীৰ

আনহাতে প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীয়ে সকলো প্ৰতিদ্বন্দ্বীক প্ৰাধান্য দি প্ৰচাৰ চলাই যাব বুলি মন্তব্য কৰি কয় যে, শিৱসাগৰৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাটো বাঞ্চনীয় ৷

লগতে পঢ়ক :বিশ্বনাথ সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে জনতাৰ কণ্ঠ...

ABOUT THE AUTHOR

...view details