শিৱসাগৰ, 12 আগষ্ট:স্বাধীনতাৰ ৭৫ বৰ্ষ জাকজমকতা আৰু ব্যাপকভাৱে উদযাপনৰ পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে (75th Anniversary of Indian Independence) । যাৰবাবে 'আজাদী কা অমৃত মহোৎসৱৰ' অংশৰূপে চৰকাৰে দেশৰ জনতাক ঘৰে ঘৰে পতাকা উত্তোলনৰ বাবে আহ্বান জনাইছে (Azadi ka Amrit Mahotsav)। কিন্তু এই আহ্বান ৰূপায়িত কৰাৰ বাবে চৰকাৰে শিথিল কৰা নিয়মৰ ফলত দেখা গৈছে জাতীয় পতাকাক লৈ নাভূত-নাশ্ৰুত কাণ্ড ।
ভাৰত চৰকাৰৰ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী ৰূপায়ণৰ বাবে কৰা আহ্বান ব্যাপক হাৰত পালনৰ বাবে তৎপৰ হৈ পৰিছে অসম চৰকাৰ (Har Ghar Tiranga in Assam) । ইতিমধ্যে ভাৰত চৰকাৰে ঘৰে ঘৰে পতাকা উত্তোলনৰ বাবে 'ফ্লেগ ক'ড অৱ ইণ্ডিয়া' সংশোধন কৰি কেতবোৰ শিথিলতা বলৱৎ কৰে (Flag code of India ) । এতিয়াৰ পৰা জাতীয় পতাকা হাতেৰে তৈয়াৰী খাদীৰ উপৰিও মেছিন তৈয়াৰী পলিমাৰ কাপোৰত উপলব্ধ হৈ পৰিল । ফলত খাদীবস্ত্ৰ হস্তশিল্প উদ্যোগটো বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে (Threat to Khadi industry)।
চৰকাৰৰ এইবাৰৰ আহ্বানৰ বাবে খাদী পতাকা আংশিক বিক্ৰী হৈছে যদিও পৰৱৰ্তী সময়ত মেচিনত তৈয়াৰী পলিয়েষ্টাৰ কাপোৰৰ দাম খাদীতকৈ বহু কম হোৱাৰ বাবে খাদী পতাকা এলাগী হৈ পৰাৰ সম্ভাৱনা আছে ।
আনহাতে মেচিনত জাতীয় পতাকা তৈয়াৰ কৰাৰ সুবিধা কৰি দিয়াৰ ফলত দেখা গৈছে জাতীয় পতাকাৰ আকাৰ, আকৃতি, ৰং আদিৰ বিসংগতি । অশোক স্তম্ভ থকা গেৰুৱা, বগা আৰু সেউজীয়া পতাকাখন ৰং বিকৃত হৈ পৰিছে । গেৰুৱাৰ ঠাইত কমলা-ৰঙা আদি ৰঙে ঠাই পাইছে । বগাৰ মাজত থকা অশোক স্তম্ভ পতাকাৰ কোণত ঠাই পাইছে ।